মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওতেই আহিল স্বামীৰ মৃত্যুৰ বাতৰি, কিন্তু স্বামীৰ বলিদানক লৈ গৌৰৱান্বিত এইগৰাকী মহিলা

News18 Assam | News18-Assam
Updated:December 3, 2020, 5:44 PM IST
মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওতেই আহিল স্বামীৰ মৃত্যুৰ বাতৰি, কিন্তু স্বামীৰ বলিদানক লৈ গৌৰৱান্বিত এইগৰাকী মহিলা
৬ বছৰীয়া প্ৰেমৰ অন্তত জয় সিঙৰ সৈতে বিয়াত বহিছিল মনোমতী। ভাৰতীয় সেনাৰ ৫০ ৰাষ্ট্ৰীয় ৰাইফলছৰ এগৰাকী সাহসী সৈনিক জয় সিং বড়ো সমগ্ৰ বেটেলিয়ানৰ বাবেই গৌৰৱ আছিল।

৬ বছৰীয়া প্ৰেমৰ অন্তত জয় সিঙৰ সৈতে বিয়াত বহিছিল মনোমতী। ভাৰতীয় সেনাৰ ৫০ ৰাষ্ট্ৰীয় ৰাইফলছৰ এগৰাকী সাহসী সৈনিক জয় সিং বড়ো সমগ্ৰ বেটেলিয়ানৰ বাবেই গৌৰৱ আছিল।

  • Share this:
৬ বছৰীয়া প্ৰেমৰ অন্তত জয় সিঙৰ সৈতে বিয়াত বহিছিল মনোমতী। ভাৰতীয় সেনাৰ ৫০ ৰাষ্ট্ৰীয় ৰাইফলছৰ এগৰাকী সাহসী সৈনিক জয় সিং বড়ো সমগ্ৰ বেটেলিয়ানৰ বাবেই গৌৰৱ আছিল। অসমৰ নগাঁও জিলাৰ ধিঙৰ এইগৰাকী জোৱান বীৰত্বৰ বাবেই অতি কম সময়তে সকলোৰে বাবে প্ৰিয় হৈ পৰিছিল। ১৮ বছৰ বয়সতে ভাৰতীয় সেনাত যোগদান কৰা জয় সিং কৰ্মৰত আছিল জম্মু কাশ্মীৰত। ১৯৯৭ চনত ভাৰতীয় সেনাত যোগদান কৰা জয় সিঙে নিজৰ বীৰত্বৰ প্ৰমাণ দিছিল কাৰ্গিল যুদ্ধত। তাৰ পিছতে সেনাৰ এগৰাকী নিৰ্ভৰযোগ্য কামাণ্ডো জোৱান হিচাপে পৰিচিত হোৱা জয় সিঙে সফলতাৰে সমাপন কৰিছিল বহু উগ্ৰপন্থী বিৰোধী অভিযান।

২০০৩ চনৰ ব’হাগত জয় সিং অসমলৈ আহিছিল। শৈশৱৰে পৰা প্ৰাণভৰি ভালপোৱা প্ৰেমিকা মনোমতীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কক চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জয় সিঙ আৰু মনোমতীৰ বিবাহৰ দিন ধাৰ্য কৰিছিল। সেই ব’হাগতে মনোমতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা জয় সিঙে পিছে প্ৰেয়সীৰ সৈতে বেছিদিন কটোৱাৰ সৌভাগ্য নহ’ল। বিয়াৰ তিনিমাহৰ পিছতে কাশ্মীৰৰ পৰা জয় সিঙলৈ খবৰ আহিল দেশমাতৃৰ সুৰক্ষাৰ বাবে তেওঁক সেনাৰ অনতিপলমে প্ৰয়োজন হৈছে। কাৰণ কাৰ্গিল যুদ্ধত মুখঠেকেচা খোৱা পাকিস্তানে ভাৰতক অশান্ত কৰাৰ বাবে প্ৰেৰণ কৰিছিল কুখ্যাত উগ্ৰপন্থীৰ দল।

সেইসময়ত কাশ্মীৰ অশান্ত কৰাৰ নেতৃত্ব লৈছিল কুখ্যাত উগ্ৰপন্থী গাজি বাবাই। গাজি বাবাক নিঃশেষ কৰাৰ বাবে ভাৰতীয় সেনাই গঠন কৰা অভিযানকাৰী শাখাৰ কামাণ্ডোৰ জোৱানৰ তালিকাত স্থান পাইছিল অসমৰ জয় সিং বড়োৱে। জয় সিঙে এই খবৰ পাই উৎফুল্লিত হৈ পৰিছিল। লগে লগে গাজী বাবাৰ নেতৃত্বত অহা উগ্ৰপন্থীৰ দলক নিঃ শেষ কৰাৰ বাবে কাশ্মীৰলৈ ৰাওনা হৈছিল জয় সিং।

২০০৩ চনৰ ১ ছেপ্তেম্বৰত কাশ্মীৰত পাকিস্তানী উগ্ৰপন্থীৰ দলৰ সৈতে সমুখ সমৰত অৱতীৰ্ণ হৈছিল জয় সিং। জয় সিঙৰ এ কে ৪৭ৰ গুলীত ঢলি পৰিছিল তিনিটাকৈ দুধৰ্ষ উগ্ৰপন্থী। কিন্তু গুলীয়াগুলি চলি থকা অৱস্থাত উগ্ৰবাদৰ সমৰ্থনকাৰী একাংশ সাধাৰণ নাগৰিকে অসুবিধাত পেলাইছিল ভাৰতীয় সেনাৰ অভিযানকাৰী দলক। সাধাৰণ নাগৰিকৰ আঁৰলৈ পাকিস্তানী উগ্ৰপন্থীয়ে গুলীয়াই আহত কৰিছিল জয় সিঙক। কিন্তু আহত অৱস্থাৰেই পাকিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে বহুপৰ যুঁজিছিল জয় সিঙে। এই অভিযানতে নিহত হৈছিল কুখ্যাত উগ্ৰপন্থী গাজি বাবা। কিন্তু ৰণক্ষেত্ৰত হোৱাা প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে অৱশেষত জীৱন যুৃঁজত হাৰ মানিছিল জয় সিঙে।

মৰণোত্তৰ ভাৱে সেনাচক্ৰৰে সন্মানিত কৰা হৈছিল জয় সিঙ বড়োক। মাহ-হালধিৰ গোন্ধ মাৰ নৌযাওতেই স্বামীক হেৰুৱাইছিল মনোমতীয়ে। কিন্তু মনোমতী ভাগি পৰা নাছিল। কাৰণ মনোমতীয়ে জানিছিল তেঁওৰ স্বামীৰ বলিদানৰ বাবেই ভয়ংকৰ কূটাঘাটৰ পৰা ৰক্ষা পৰিছিল ভাৰতভূমি। ৬বছৰীয়া প্ৰেমৰ মাত্ৰ তিনিমাহৰ বাবে বৈবাহিক জীৱনৰ সুখ পোৱা মনোমতীৰ দৰে বহু মহিলাই দেশৰ বাবে বিসৰ্জন দিব লগা হৈছে সৰ্বস্ব। কিন্তু মনোমতীয়ে আজিও স্বামীৰ বলিদানক লৈ গৌৰৱ কৰে। ভাৰতীয় সেনাই ধিং কছাৰীগাঁৱৰ গৃহত নিৰ্মাণ কৰি দিয়া শ্বহীদবেদীৰ কাষতে দিনটোৰ বেছিভাগ সময় পাৰ কৰে মনোমতীয়ে।

মনোমতী বড়োয়ে অশ্ৰুশিক্ত নয়নৰে নিউজ১৮ অসমক কয়, "শৈশৱৰ পৰাই আমাৰ বহু সপোন আছিল। কিন্তু আমাৰ সপোনবোৰ আধাৰুৱা হৈ ৰ'ল। কিন্তু মোৰ কোনো আক্ষেপ নাই কাৰণ সকলোতকৈ তেওঁ দেশক বেছি গুৰুত্ব দিছিল আৰু দেশৰ সুৰক্ষাৰ বাবই তেওঁ শ্বহীদ হ'ল। তেঁওৰ দৰে শ্বহীদৰ পত্নী হ'বলৈ সৌভাগ্য লাগিব আৰু এই জীৱনত সেই সৌভাগ্যৰ অধিকাৰী মই।"

আজিও ভাৰতীয় সেনাৰ ৫০ ৰাষ্ট্ৰীয় ৰাইফলছত চৰ্চিত হয় জয় সিঙৰ বীৰত্বৰ কাহিনী। প্ৰতিবছৰে ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়া উপস্থিত হয় জয় সিঙৰ গাঁৱৰ ঘৰত।
Published by: Himangshu Bhuyan
First published: December 3, 2020, 5:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি