অসম-মিজোৰাম সীমান্তত (assam-mizoram border) শ্বহীদ হোৱা আৰক্ষী জোৱানক মঙলবাৰে লংকাত জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি। শ্বহীদ হোৱা অসম আৰক্ষীৰ বীৰ সন্তানসকলক আজি লংকাত সাংবাদিক সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । শিলচৰৰ লাইলাপুৰত মিজো দুৰ্বৃত্তৰ গুলিত শ্বহীদ হোৱা প্ৰতি গৰাকী আৰক্ষীৰ প্ৰতিচ্ছবিত ধূপ-দ্বীপ আৰু ফুলেৰে জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি ।
মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গা কিঙ্কৰ শৰ্মা, সাংবাদিক সন্থাৰ মুকুল গোস্বামী, মানস প্ৰতিম তামুলী ফুকন, বিশ্বজিত চক্ৰৱৰ্তী, ভূপেন্দৰ সিং, প্ৰণৱ শৰ্মাৰ উপৰি লেখিকা সংস্থাৰ বিষয়ববীয়া আৰু স্থানীয় ব্যক্তি সকল উপস্থিত থাকি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলিৰ লগতে এক মিনিট সময় মৌন প্রার্থনা কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰে। লগতে আহত আটাইকেইগৰাকী জোৱানৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰে।
আনহাতে অসম আৰক্ষীক আক্ৰমণ কৰা মিজো দুৰ্বৃত্তৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী জনাইছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন লোকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|