• Home
  • »
  • News
  • »
  • assam
  • »
  • NRCৰ বাদ পৰা ব্যক্তিৰ তালিকাত অসম আন্দোলনৰ ছহিদ পৰিয়াল

NRCৰ বাদ পৰা ব্যক্তিৰ তালিকাত অসম আন্দোলনৰ ছহিদ পৰিয়াল

অসম চৰকাৰৰ চাকৰিয়াল ৰাজেন উপাধ্যায়ৰ পত্নী D-Voter হৈ পৰাত দুৰ্ভাগ্যবশতঃ দুই পুত্ৰৰ নাম আহিল কৰ্তন খচৰাত।

অসম চৰকাৰৰ চাকৰিয়াল ৰাজেন উপাধ্যায়ৰ পত্নী D-Voter হৈ পৰাত দুৰ্ভাগ্যবশতঃ দুই পুত্ৰৰ নাম আহিল কৰ্তন খচৰাত।

অসম চৰকাৰৰ চাকৰিয়াল ৰাজেন উপাধ্যায়ৰ পত্নী D-Voter হৈ পৰাত দুৰ্ভাগ্যবশতঃ দুই পুত্ৰৰ নাম আহিল কৰ্তন খচৰাত।

  • Share this:
    NRCৰ কৰ্তন খচৰাত অন্তৰ্ভুক্ত হ'ল অসম আন্দোলনৰ ছহিদ বৈজয়ন্তী দেৱীৰ পৰিয়ালৰ নাম। তেজপুৰৰ ছহিদ বৈজয়ন্তী দেৱীৰ ভাতৃ, অসম চৰকাৰৰ এগৰাকী চাকৰিয়াল ৰাজেন উপাধ্যায়ৰ পত্নী আৰু দুই পুত্ৰ সন্তানৰ এতিয়া নাম নাই NRCৰ খচৰাত৷ পত্নী D-Voter হৈ পৰাত দুৰ্ভাগ্যবশতঃ দুই পুত্ৰৰ নাম নাহিল NRCৰ খচৰাত৷ ইয়াৰ পৰিৱৰ্তে আজি প্ৰকাশিত নাম কৰ্তন তালিকাত প্ৰকাশ হ'ল পত্নীৰ নাম৷ ১৯৮০ চনৰ ২৬ জুন৷ অৰ্থাৎ আজিৰ দিনটোতে সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছিল ৰণশিঙা দিৱসৰ৷ তেজপুৰত ছাত্ৰ সন্থাৰ ৰণশিঙা দিৱসৰ শাৰীত প্ৰথমে থিয় হৈ শংখ বজোৱাৰ মুহুৰ্ততে প্ৰখৰ ৰ'দত ঢলি পৰিছিল সেইসময়ত ছাত্ৰ সন্থাৰ সদস্য বৈজয়ন্তী দেৱী৷ লগে-লগে বৈজয়ন্তী দেৱীক লৈ যোৱা হৈছিল তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ৷ আৰু তাতে প্ৰায় ডেৰ মাহৰো অধিককাল চিকিৎসাধীন হৈ অৱশেষত ১৯৮০ চনৰে ১৬ আগষ্টত মৃত্যুক আঁকোৱালি লয় বৈজয়ন্তী দেৱীয়ে৷ পিছলৈ বৈজয়ন্তী দেৱীক অসম আন্দোলনৰ ছহীদ ঘোষণা কৰা হ'ল৷ ছহীদৰ পৰিয়ালৰ সদস্যক পৰৱৰ্তী সময়ত অসম গণ পৰিষদৰ চৰকাৰে চাকৰিও প্ৰদান কৰিছিল।
    First published:

    শেহতীয়া বাতৰি