অসম-বংগ সীমান্তত প্ৰশাসনে আয়োজন কৰিলে এখন বিয়াৰ, বিয়াৰ পিছতে কোৱাৰেণ্টাইনত দৰা–কইনা

News18 Assam | News18-Assam
Updated:May 23, 2020, 10:31 PM IST
অসম-বংগ সীমান্তত প্ৰশাসনে আয়োজন কৰিলে এখন বিয়াৰ, বিয়াৰ পিছতে কোৱাৰেণ্টাইনত দৰা–কইনা
আচলতে  ছমাহ পূৰ্বে  ঠিক কৰি থোৱা আছিল বিয়াখন। লকডাউন ঘোষণাৰ পিছত দুয়ো পক্ষই বিবাহৰ বাবে অনুমতি লৈছিল দুয়োখন ৰাজ্যৰ৷

আচলতে  ছমাহ পূৰ্বে  ঠিক কৰি থোৱা আছিল বিয়াখন। লকডাউন ঘোষণাৰ পিছত দুয়ো পক্ষই বিবাহৰ বাবে অনুমতি লৈছিল দুয়োখন ৰাজ্যৰ৷

  • Share this:
অসম–বংগ সীমান্তৰ ছাগলীয়াত এখন ব্যতিক্ৰমী বিবাহ৷ বিবাহ সম্পন্ন হ’ল দুই ৰাজ্যৰ সীমাত৷ বিবাহৰ আয়োজনৰ খবৰ পাই দৌৰি আহিল বিধায়ক অশ্বিনী ৰায় সৰকাৰো৷  বিবাহৰ আয়োজন কৰিলে ধুবুৰী জিলা প্ৰশাসনে৷

দৰা পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ বীৰপাৰাৰ৷ কইনা ধুবুৰীৰ তিনি নং ৱাৰ্ডৰ৷ যথাবিহিত ৰীতি–নীতিৰেই হ’ল বিয়া। জ্বলিল হোমৰ জুই৷ মুখত মাস্ক লৈয়েই চিৰজীৱন একেলগে থকাৰ পণ ল’লে দৰা–কইনাই।

আচলতে  ছমাহ পূৰ্বে  ঠিক কৰি থোৱা আছিল বিয়াখন। লকডাউন ঘোষণাৰ পিছত দুয়ো পক্ষই বিবাহৰ বাবে অনুমতি লৈছিল দুয়োখন ৰাজ্যৰ৷ সেইমৰ্মে আজি পুৱাই দৰা আহি উপস্থিত হৈছিল ছাগলীয়াত৷ কিন্তু সোমাব নোৱাৰিলে অসমত৷ জিলা প্ৰশাসনে কইনা ঘৰীয়াক মাতি আনিলে ছাগলীয়ালৈ৷ বিবাহ আৰম্ভ হ’ল ছাগলীয়াতে৷ অৱশ্যে বিয়া শেষ হোৱাৰ পিছতে পশ্চিম বংগ চৰকাৰে হোম কোৱাৰেণ্টাইন কৰিলে নৱ দম্পতীক৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading