• Home
  • »
  • News
  • »
  • assam
  • »
  • HS Marksheet Confusion: এগৰাকী ছাত্ৰী দুখন মাৰ্কশ্বীট! উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আজৱ কাণ্ড! চিন্তিত ছাত্ৰ আৰু পৰিয়াল

HS Marksheet Confusion: এগৰাকী ছাত্ৰী দুখন মাৰ্কশ্বীট! উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আজৱ কাণ্ড! চিন্তিত ছাত্ৰ আৰু পৰিয়াল

HS Marksheet Confusion: শিক্ষাৰ্থী এগৰাকী কিন্তু মাৰ্কশ্বীট লাভ কৰিলে দুখন। তিতাবৰত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত মাৰ্কশ্বীট বিভ্ৰান্তি।

HS Marksheet Confusion: শিক্ষাৰ্থী এগৰাকী কিন্তু মাৰ্কশ্বীট লাভ কৰিলে দুখন। তিতাবৰত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত মাৰ্কশ্বীট বিভ্ৰান্তি।

HS Marksheet Confusion: শিক্ষাৰ্থী এগৰাকী কিন্তু মাৰ্কশ্বীট লাভ কৰিলে দুখন। তিতাবৰত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত মাৰ্কশ্বীট বিভ্ৰান্তি।

  • Share this:
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল (HS Results 2022)ত হোৱা এটা বিভ্ৰান্তিৰ বাবেই তিতাবৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । তিতাবৰৰ শান্তীপুৰৰ নিবাসী বীৰ বাহাদুৰ প্ৰসাদ আৰু ৰীতা দেৱীৰ কন্যা মেহেক প্ৰসাদে প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাত বিজ্ঞান শাখাত অৱৰ্তীণ হৈছিল । ২৭ জুনত পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছত পৰিয়ালটোৱে প্ৰথমে ৱেবছাইটৰ পৰা লাভ কৰে দুটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ মাৰ্কশ্বীট । এই মাৰ্কশ্বীট (Marksheet)ৰ মতে ছাত্ৰীগৰাকীয়ে লাভ কৰা নম্বৰসমুহ হল ইংৰাজীত ৮০, অতিৰিক্ত ইংৰাজীত ৮৩ ,ৰসায়নবিজ্ঞান ৫৭, জীৱবিজ্ঞানত ৫৬, গণিতত  ৫৩, পদাৰ্থ বিজ্ঞানত ৭২।

কিন্তু আজি  দুৰ্ভাগ্যজনকভাৱে বিদ্যালয়ৰপৰা যিখন মাৰ্কশ্বীট  ছাত্ৰীগৰাকীয়ে লাভ কৰিলে সেইয়া পোৱাৰ পাছত পৰিয়ালৰ লগতে সমগ্ৰ তিতাবৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । বিদ্যালয়ৰ পৰা লাভ কৰা মাৰ্কশ্বীটৰ নম্বৰসমুহ এনে ধৰণৰ- ইংৰাজীত ৪৯ , অতিৰিক্ত ইংৰাজীত ৪৯, ৰসায়ন বিজ্ঞানত ৫৪, জীৱ বিজ্ঞানত ৪৭, গণিতত  ১২, পদাৰ্থ বিজ্ঞানত ৬৬। বিদ্যালয়ৰ পৰা পোৱা মাৰ্কশ্বীট অনুসৰি দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা বুলি বিবেচিত হৈছে ছাত্ৰীগৰাকী ।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে কোনখন মাৰ্কশ্বীট (Marksheet Confusion) ছাত্ৰীগৰাকীয়ে উচ্চ শিক্ষাৰ বাবে ব্যৱহাৰ কৰিব ।ইয়াৰ বাবে জগৰীয়া কোন ? মাৰ্কশ্বিট বিভ্ৰান্তিৰ পাছত বৰ্ত্তমানে  মানসিকভাৱে ভাগি পৰা ছাত্ৰীগৰাকী। ছাত্ৰী গৰাকীৰ পিতৃ আৰু মাতৃও আই কআণ্ডৰ পিছত মানসিক ভাৱে উদ্বিগ্ন হৈ পৰিছে। ছাত্ৰী গৰাকীৰ জীৱনক লৈ হেতালী খেলা শিক্ষা বিভাগক তিতাবৰবাসী ৰাইজে তীব্ৰ গৰিহণা দি ইয়াৰ এক উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰী  আৰু শিক্ষামন্ত্ৰী আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published: