உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • HIV Positive: ভয়ংকৰ খবৰ! মৰিগাঁৱত ১৬ দিনত ৩০জনৰ দেহত HIV Positive ! এইডছত আক্ৰান্ত ইজনৰ পিছত সিজন ড্ৰাগছ আসক্ত যুৱক...

    HIV Positive: ভয়ংকৰ খবৰ! মৰিগাঁৱত ১৬ দিনত ৩০জনৰ দেহত HIV Positive ! এইডছত আক্ৰান্ত ইজনৰ পিছত সিজন ড্ৰাগছ আসক্ত যুৱক...

    HIV Positive: ১৬ দিনত ৩০ জনকৈ যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পৰা ঘটনাই মৰিগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    HIV Positive: ১৬ দিনত ৩০ জনকৈ যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পৰা ঘটনাই মৰিগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    HIV Positive: ১৬ দিনত ৩০ জনকৈ যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পৰা ঘটনাই মৰিগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    • Share this:
    HIV Positive: ১৬ দিনত ৩০ জনকৈ যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পৰা ঘটনাই মৰিগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিগাঁও জিলা এইডছ নিয়ন্ত্ৰণ বিভাগৰ তৎপৰতাত মৰিগাঁৱৰ "সোমলা মহিলা সংঘ" নামৰ এটা বেচৰকাৰী সংস্থাই বিভাগীয় অনুমতি সাপেক্ষে মৰিগাঁও মানিপুৰস্থিত জিলা কাৰাগাৰত ২৯৩ জন লোকক এইচ আই ভি টেষ্ট কৰিছিল।এইচ আই ভি টেষ্ট কৰাৰ পিছত  কাৰাগাৰত থকা ড্ৰাগছত আসক্তৰ ৭জনকৈ কয়দীৰ দেহত ধৰা পৰিল এইচ আই ভি বীজাণু।

    জিলা কাৰাগাৰত এইচ আই ভি বীজাণু দেহত ধৰা পৰা যুৱককেইজনৰ উৎসৰ পম খেদি মৰিগাঁও চহৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত সোমলা নামৰ এই বেচৰকাৰী সংস্থাটোৱে জিলা এইডছ্ নিয়ন্ত্ৰণ বিভাগৰ পৰা আৰম্ভ কৰা এইচ আই ভি পৰীক্ষাত চলিত ১আগষ্টৰ পৰা ১৬ তাৰিখলৈকে ১৮ৰ পৰা ৩০ বছৰ বয়সলৈ মুঠ ২৭ জন যুৱকৰ দেহত এইচ আই ভি বীজাণু ধৰা পৰিছে। ইফালে,আগষ্ট মাহৰ তুলনাত যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত এইচ আই ভি বীজাণু ধৰা পৰিছিল মাত্ৰ ৭ জন যুৱকৰ৷ কিন্তু কাৰাগাৰত থকা যুৱক কেইজনৰ তথ্যৰ  ভিত্তিত জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছ্ আসক্ত যুৱকসকলক পৰীক্ষা কৰাত এইচ আই ভি বীজাণু ধৰা পৰা যুৱকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে। মৰিগাঁৱত এইচ আই ভি বীজাণু ধৰা পৰা ২৭জনৰে ভিতৰত ২৬জনেই ড্ৰাগছত আসক্ত বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে- মাৰাত্মক ড্ৰাগছ ল'বৰ বাবে এটা চিৰিঞ্জ ব্যৱহাৰৰ বাবে এইচ আই ভি বীজাণু ইজনৰ পৰা সিজনলৈ বিয়পি মৰিগাঁৱত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভৰ সংখ্যা। জিলাখনত কম বয়সতে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ এইসকল যুৱকে এইচ আই ভিৰ বীজাণু দেহত লৈ নিজৰ জীৱনলৈ বিপদ কঢ়িয়াই অনাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে, মৰিগাঁও স্বাস্থ্য বিভাগে এইচ আই ভি পজিটিভ আক্ৰান্ত হোৱাসকলক বিনামূলীয়া চিকিৎসা আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰিছে৷ এই সমগ্ৰ বিষয়টোক লৈ মৰিগাঁও জিলাবাসী আৰু ড্ৰাগছ নিয়ন্ত্ৰণ বিভাগে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷
    Published by:Kokil Sarma
    First published: