• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনে কিমান ভোট পালে মৰিয়নি সমষ্টিত ? কংগ্ৰেছ বুলি নহয় ব্যক্তি হিচাপেহে মৰিয়নিত জনপ্ৰিয় নেকি ৰূপজ্যোতি কুৰ্মী ?

কোনে কিমান ভোট পালে মৰিয়নি সমষ্টিত ? কংগ্ৰেছ বুলি নহয় ব্যক্তি হিচাপেহে মৰিয়নিত জনপ্ৰিয় নেকি ৰূপজ্যোতি কুৰ্মী ?

মৰিয়নি সমষ্টিত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হয় বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী । ৰূপজ্যোতি কুৰ্মীয়ে মুঠ ভোট লাভ কৰে ৫৫,৪৮৯ টা । কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোৱৰে মুঠ ভোট লাভ কৰে ১৫,৩৮৫ টা । ৰূপজ্যোতি কুৰ্মীয়ে মুঠ ভোটৰ ৬২,৩% ভোট লাভ কৰি জয়ী হয় ।

  • Share this:

আনহাতে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে লাভ কৰে ১৫,১৯২ টা ভোট । অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰে লাভ কৰে ১,৩৭২ টা ভোট । NOTA ত ভোট পৰে ১,৫১৫ টা । আনহাতে পষ্টেল বেলেটৰ ১১৬ টা ভোট নাকচ হয় । উল্লেখ্য NOTA কে ধৰি প্ৰতিদ্বন্দী আন তিনিওজন প্ৰাৰ্থীয়ে লাভ কৰা মুঠ ভোটৰ সংখ্যা হল ৩৩,৪৬৪ টা । অৰ্থাৎ তিনিওজন প্ৰতিদ্বন্দী প্ৰাৰ্থীয়ে লাভ কৰা মুঠ ভোটৰ সংখ্যাও ৰূপজ্যোতি কুৰ্মীতকৈ বহু কম । এইবাৰ নিৰ্বাচনত পঞ্চমবাৰলৈ মৰিয়নি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মী সমষ্টিটোৰ এগৰাকী অন্যতম জনপ্ৰিয় নেতা ৰূপে পৰিগণিত হৈছে । ৰূপজ্যোতি কুৰ্মীয়ে জয়ী হোৱাৰ পিছত সেয়েহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে মৰিয়নিত কংগ্ৰেছ দল জনপ্ৰিয় নাছিল । ৰূপজ্যোতি কুৰ্মী হিচাপেহে মৰিয়নিৰ ৰাইজৰ মাজত তেওঁ জনপ্ৰিয় আছিল । আৰু তাৰ প্ৰমাণ এইবাৰৰ উপনিৰ্বাচনৰ ফলাফলে দিলে ।

" মৰিয়নি সমষ্টিৰ ৰাইজৰ ঘৰলৈ সকাম , বিয়া , তোলনি বিয়া , বেমাৰ , খোবাখুবুনি , পঞ্চামৃতকে ধৰি কেতিয়াবা যদি ক'ৰবাত গৰু পোৱালিও জগে আমাক মাতিছিল । মৰিয়নিত হাতীয়ে ঘৰ ভাঙিলেও দুখীয়া লোকক সহায় কৰিবলৈ আগবাঢ়ি গৈছিলো মই । আৰু তাৰ বাবেই মৰিয়নিত পুনৰ ৰূপজ্যোতি কুৰ্মী জিকিল । কঙগ্ৰেছে দাবী কৰি অহাৰ দৰে মৰিয়নি সমষ্টি যে কঙগ্ৰেছৰ দূৰ্গ নহয় সেয়া প্ৰমাণিত হল । মৰিয়নিত ৰাইজ ৰূপজ্যোতি কুৰ্মীৰ লগতহে আছে । ", পঞ্চম বাৰলৈ বিধায়ক ৰূপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয় ।

আনহাতে মৰিয়নি সমষ্টিলৈ আহি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দিয়া উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বাবেই নিৰ্বাচনত ৰাইজে এনে বিপুল সহাৰি জনোৱা বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে । মৰিয়নি সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিজেপি সাঙসদ তথা মন্ত্ৰীসকলে ৰাইজৰ প্ৰতি জনোৱা আহ্বান তথা বিজেপিৰ কৰ্মকৰ্তাসকলে দিনে-নিশাই চলোৱা প্ৰচেষ্টাৰ বাবেই এই বিজয়ৰ অভিলেখ গঢ়াতো সম্ভৱ হল বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে ।
Published by:Kokil Sarma
First published: