• Home
  • »
  • News
  • »
  • assam
  • »
  • নগা উগ্ৰপন্থীৰ ভয়ে খেদি ফুৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীক, দিচৈ ভেলীলৈ আহিবলৈ মুখ্যমন্ত্ৰীক আহ্বান

নগা উগ্ৰপন্থীৰ ভয়ে খেদি ফুৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীক, দিচৈ ভেলীলৈ আহিবলৈ মুখ্যমন্ত্ৰীক আহ্বান

অৰুণাচলৰ কেইবাগৰাকীও মন্ত্ৰী নগা উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱাৰ উদ্ধৃতি দি কয়– 'মোৰ এন  এছ চি এনৰ গুলীত মৰিবলৈ মন নাই।'

অৰুণাচলৰ কেইবাগৰাকীও মন্ত্ৰী নগা উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱাৰ উদ্ধৃতি দি কয়– 'মোৰ এন  এছ চি এনৰ গুলীত মৰিবলৈ মন নাই।'

অৰুণাচলৰ কেইবাগৰাকীও মন্ত্ৰী নগা উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱাৰ উদ্ধৃতি দি কয়– 'মোৰ এন  এছ চি এনৰ গুলীত মৰিবলৈ মন নাই।'

  • Share this:

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগা উগ্ৰপন্থীৰ ভাবুকি।নগা বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ ভূমিকা লৈ অহা মৰিয়নিৰ কংগ্ৰেছী বিধায়কগৰাকী নগা উগ্ৰপন্থী এন এছ চি এনৰ আক্ৰমণৰ বলি হোৱাৰ আশংকত ভুগিছে। নিজৰ জীৱনৰ নিৰাপত্তাক লৈ চৰম সংশয়ত ভূগিছে বিধায়কগৰাকী। ফলত এতিয়া বিধায়কগৰাকীয়ে অসম চৰকাৰক নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে অনুৰোধ জনাইছে।


উল্লেখ্য, যোৱা মাহৰ ২৭ মে' তাৰিখে দিচৈ ভেলী বনাঞ্চলত নগাৰ বেদখল প্ৰত্যক্ষ কৰিবলৈ যোৱা অৱস্থাত মৰিয়নিৰ বিধায়ক ৰুপজ্যোতি কুৰ্মীৰ লগত সাংবাদিক আৰু স্থানীয় লোকৰ দলটোলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল। বিধায়কগৰাকী নগা উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণৰ পৰা কথমপিহে পলাই আহিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত নগাৰ বেদখল উচ্ছেদৰ বাবে যোৰহাট জিলা প্ৰশাসনক বিধায়কগৰাকীয়ে ২৪ ঘণ্টা সময় দিছিল। কিন্তু পৰৱৰ্তী সময়ত যোৰহাট জিলা প্ৰশাসনে নগাৰ বেদখল উচ্ছেদ কৰিব নোৱাৰাৰ বাবে ২৮ মে'ৰ দিনৰ এক বজাৰ পৰা ৰূপজ্যোতি কুৰ্মী আমৰণ অনশনত বহে।


আনহাতে উক্ত দিনাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দিচৈ ভেলীত উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জিপি সিং। ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে অনশনত বহা বিধায়কক  দিচৈ ভেলীৰ পৰা নগাক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ জনাই যদিও কুৰ্মীয়ে অনুৰোধ প্ৰত্যাখ্যান কৰি অনশন অব্যাহত ৰাখিছিল। কিন্তু ৰাজ্যৰ সীমান্ত উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অনুৰোধ মৰ্মে বিধায়কগৰাকীয়ে নগাৰ বেদখল উচ্ছেদৰ বাবে অসম চৰকাৰক পাঁচ‌ দিনৰ সময় দি সাময়িকভাৱে আমৰণ অনশন প্ৰত্যাহাৰ কৰিছিল।


আজি প্ৰশাসনক ৰূপজ্যোতি কুৰ্মীয়ে বান্ধি দিয়া সময়সীমা উকলি যায়। বিধায়কগৰাকী আজি দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ঘটনাস্থলীত উপস্থিত হয়। বিধায়কগৰাকীয়ে NEWS18ৰ লগত হোৱা সাক্ষাৎ কালত কয়– "কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সাক্ষাৎ কৰি অসমৰ ভূমিৰ পৰা নগাৰ বেদখল উচ্ছেদ কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিম। মুখ্যমন্ত্ৰী গৰাকীক নগাৰ বেদখল প্ৰত্যক্ষ কৰিবলৈ দিচৈ ভেলী বনাঞ্চললৈ আহিবৰ বাবে মই অনুৰোধ জনাম।"


লগতে বিধায়কগৰাকীয়ে অৰুণাচলৰ কেইবাগৰাকীও মন্ত্ৰী নগা উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱাৰ উদ্ধৃতি দি কয়– "মোৰ এন  এছ চি এনৰ গুলীত মৰিবলৈ মন নাই।মই মৰিয়নি সমষ্টিৰ বাবে বহুত কাম কৰিবলৈ আছে। মই নগা উগ্ৰপন্থীৰ ঘোৰ শত্ৰু হৈ পৰিছো। মোৰ ওপৰত নগা উগ্ৰপন্থীৰ আক্ৰমণ হ'ব পাৰে।মোৰ শুভাকাংক্ষী, দলীয় কৰ্মী আৰু পৰিয়াল মোৰ জীৱনৰ নিৰাপত্তাক লৈ দুচিন্তাত ভুগিছে।মোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মই চৰকাৰক অনুৰোধ জনাইছো।" আনহাতে বিধায়কগৰাকী মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আজি নিশা গুৱাহাটীলৈ ৰাওনা হ'ব বুলি জানিবলৈ দিয়ে।

Published by:Gautam Barman
First published: