মুখ্যপৃষ্ঠা »খবৰ »অসম »MLA Rupjyoti Kurmi : মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন প্ৰত্যাহাৰ। নগাৰ বেদখল উচ্ছেদ কৰিবলৈ পুনৰ বুধবাৰলৈকে চৰকাৰক বান্ধি দিলে সময়সীমা।

MLA Rupjyoti Kurmi : মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন প্ৰত্যাহাৰ। নগাৰ বেদখল উচ্ছেদ কৰিবলৈ পুনৰ বুধবাৰলৈকে চৰকাৰক বান্ধি দিলে সময়সীমা।

পুনৰ বুধবাৰলৈ চৰকাৰক সময়সীমা বান্ধি দিছে বিধায়ক কুৰ্মীয়ে । প্ৰতিশ্ৰুতি পালন নকৰিলে পুনৰ বৃস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন অনশনত বহাৰ ঘোষণা ।

  • Share this:
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অনশন প্ৰত্যাহাৰ। মৰিয়নি সীমান্তত অসমৰ ভূমিত নগাৰ বেদখল চৰকাৰে উচ্ছেদ নকৰাৰ প্ৰতিবাদত অনশন কৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।  আজি দিনৰ ১ বজাৰ পৰা অনশনত বহিছিল বিধায়কগৰাকী ।

উল্লেখ্য যে বৃহস্পতিবাৰে দিচৈভেলীত নগাৰ বেদখলৰ বুজ ল'ব যাওতে নগা দুৰ্বৃত্তই ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰিছিল। কোনোমতে ৰক্ষা পৰা বিধায়কজনে বৃহস্পতিবাৰৰ পৰাই দিচৈভেলীত বাহৰ পাতি নগাৰ বেদখল উচ্ছেদৰ বাবে অসম চৰকাৰক দাবী জনাই আছিল। ২৪ ঘণ্টাৰ ভিতৰত বেদখল উচ্ছেদ নকৰিলে অনিৰ্দিষ্টকালীন অনশন কৰাৰ হুংকাৰ দিছিল। সেইমতে আজি দিনৰ ১ বজাৰ পৰা ৰূপজ্যোতি কুৰ্মীয়ে অনশন আৰম্ভ কৰে।

দুপৰীয়া আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। মন্ত্ৰী অতুল বৰাইও ফোন যোগে ৰূপজ্যোতি কুৰ্মীক আশ্বাস দিয়ে। ইয়াৰ পাছত চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি পোৱাত প্ৰত্যাহাৰ কৰে অনশন।

অনশন প্ৰত্যাহাৰ কৰিলেও পুনৰ বুধবাৰলৈ চৰকাৰক সময়সীমা বান্ধি দিছে বিধায়ক কুৰ্মীয়ে । চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে পুনৰ বৃস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন অনশনত বহাৰ ঘোষণা বিধায়কগৰাকীৰ ।

শেহতীয়া বাতৰি