পিঠিত চাউলৰ বস্তা লৈ বানাক্ৰান্তৰ কাষত বিধায়ক ৰূপজ্যোতি কুৰ্মী

ছচিয়েল মিডিয়াত বান সাহায্য বিতৰণৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে মৰিয়নীৰ বিধায়কগৰাকীয়ে।

Sanjay Kumar Das | News18-Assam
Updated:July 23, 2019, 10:45 AM IST
পিঠিত চাউলৰ বস্তা লৈ বানাক্ৰান্তৰ কাষত বিধায়ক ৰূপজ্যোতি কুৰ্মী
ছচিয়েল মিডিয়াত বান সাহায্য বিতৰণৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে মৰিয়নীৰ বিধায়কগৰাকীয়ে।
Sanjay Kumar Das | News18-Assam
Updated: July 23, 2019, 10:45 AM IST
ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে যদিও এতিয়াও আঁতৰা নাই বানাক্ৰান্তৰ দুৰ্দশা। বানত সৰ্বস্ব হেৰুৱাই এতিয়াও আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে বহু বানাক্ৰান্ত পৰিয়ালে। দুবেলা দুমুঠি ভাত, খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে। চৰকাৰ–প্ৰশাসন, বিভিন্ন দল–সংগঠনৰ লগতে ব্যক্তি বিশেষেও সামৰ্থ্য অনুসৰি বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে।

সোমবাৰে বানাক্ৰান্তৰ কাষত দেখা গ’ল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক। বোকাখাতত বানাক্ৰান্তসকলৰ বাবে মৰিয়নী সমষ্টি যুৱ কংগ্ৰেছ, মৰিয়নী ব্লক মজদুৰ কংগ্ৰেছ কমিটী, মৰিয়নী NSUIৰ সহযোগত বিধায়কজনে আগবঢ়ালে সাহায্য সামগ্ৰী। বিধায়কগৰাকীয়ে নিজেই নাৱৰ পৰা নমালে সাহায্যৰ চাউলৰ বস্তা।



ছচিয়েল মিডিয়াত বান সাহায্য বিতৰণৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে মৰিয়নীৰ বিধায়কগৰাকীয়ে। ফটোৰ কেপচনত ৰূপজ্যোতি কুৰ্মীয়ে লিখিছে – ‘মানুহে মানুহৰ বাবে...’ গীতটিয়ে সদায় মানৱ ধৰ্ম কৰিবলৈ আপ্লুত কৰে। কাৰণ মানৱ সেৱাই ঈশ্বৰ সেৱা।’



অৱশ্যে ৰূপজ্যোতি কুৰ্মীয়ে পিঠিত বস্তা লোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও এইদৰে দেখা গৈছিল কুৰ্মীক। সাধাৰণতে সহজ–সৰল জীৱন–যাপন কৰা বিধায়ক কুৰ্মীক সদায় দেখা যায় সমষ্টিবাসীৰ কাষত। সমষ্টিবাসীৰ যিকোনো সমস্যাৰ সময়ত কাষত থিয় হয় বিধায়কজন।

পিঠিচ চাউলৰ বস্তা লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী, চাওক ভিডিঅ’ :
আৰু চাওক পৰৱৰ্তী বাতৰি