অসমৰ কোন মন্ত্ৰীক ‘চেৰা পাগল’ বুলি ক'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে?

‘‘দেশদ্ৰোহীক পূজা কৰা বিজেপি দলৰ এই চেৰা পাগলটোৱে এইবোৰ কথা নকৈ কি ক'ব?’’ – মন্তব্য মৰিয়নীৰ বিধায়কগৰাকীৰ।
‘‘দেশদ্ৰোহীক পূজা কৰা বিজেপি দলৰ এই চেৰা পাগলটোৱে এইবোৰ কথা নকৈ কি ক'ব?’’ – মন্তব্য মৰিয়নীৰ বিধায়কগৰাকীৰ।
- News18 Assam
- Last Updated: August 17, 2020, 10:50 AM IST
ৰূপজ্যোতি কুৰ্মীয়ে কয় – ‘‘কংগ্ৰেছৰ পৰাই এই চেৰা পাগলটোৱে মান–সন্মান সকলো পালে। কংগ্ৰেছৰ পৰা দুটকা ঘটাৰ সুবিধাও পালে। কংগ্ৰেছৰ বাবেই তেওঁৰ মিতিৰ–কুটুমৰ ধন–সম্পত্তি হ'ল। এতিয়া কংগ্ৰেছক গালি পাৰি বদনাম গাই আছে। চেৰা পাগল সদায় চেৰা পাগল হৈয়ে থাকিব।’’
‘‘২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিবনুৱাক চাকৰি দিব নোৱাৰা, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰাকে ধৰি অজস্ৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিজৰ ব্যৰ্থতাৰ কাৰণসমূহ ঢাকিবৰ বাবে ৰাজীৱ ভৱনক আজমল ভৱন হ'ব বুলি কৈছে চেৰা পাগলটোৱে। দেশদ্ৰোহীক পূজা কৰা বিজেপি দলৰ এই চেৰা পাগলটোৱে এইবোৰ কথা নকৈ কি ক'ব?’’ – মন্তব্য মৰিয়নীৰ বিধায়কগৰাকীৰ। উল্লেখযোগ্য যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা হ'লে ৰাজীৱ ভৱন গৈ আজমল ভৱন হ’ব বুলি কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।