এইবাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ন অৱতাৰ। অংক ছাৰৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰত গৰমৰ বন্ধ উপলক্ষে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ চলি আছে বিশেষ পাঠদান কাৰ্যসূচী। বুধবাৰে বিদ্যালয়খনত হঠাৎ উপস্থিত হল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ব্লেকব’ৰ্ডত লিখি ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ ওপৰত এজন নিয়মিত শিক্ষকৰ দৰে পাঠদান আগবঢ়ালে কুৰ্মীয়ে।
কেৱল ছাত্ৰীয়ে নহয়, বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীয়েও পাঠদান গ্ৰহন কৰিলে কুৰ্মী ছাৰৰ ক্লাছত। শিক্ষকৰূপী ৰূপজ্যোতি কুৰ্মীয়ে ছাত্ৰীসকলৰ আগত জীৱনত সফল হ'বলৈ কেনেদৰে সংগ্ৰাম কৰিব লাগিব সেই বিষয়েও বুজাবলৈ চেষ্টা কৰে। ইয়াৰোপৰি গুৰুক কেনেদৰে সন্মান কৰিব লাগে, সময়ৰ কিদৰে সদ্ব্যৱহাৰ কৰিব লাগে, লক্ষ্য কেনেদৰে স্থিৰ কৰিব তাকো শিকালে বিধায়কগৰাকীয়ে। বিধায়ক ৰূপজ্যোতিয়ে নিজৰ উদহাৰন দাঙি ধৰি লাজ আৰু ভয়ৰ পৰা দূৰত থাকিলেহে জীৱনত সফল হ'ব পাৰি বুলি ছাত্ৰী সকলক পৰামৰ্শ আগবঢ়ায়।
ইফালে ছাত্ৰীসকলৰ বয়ফ্ৰেণ্ডৰ খবৰ ল’বলৈ নাপাহৰিলে কুৰ্মী ছাৰে। ছাত্ৰীসকলক উদ্দেশ্যি বিধায়কৰ প্ৰশ্ন – ‘বয়ফ্ৰেণ্ড আছেনে নাই?’ ছাত্ৰীসকলে নাই বুলি কোৱাত পুনৰ কুৰ্মী ছাৰে ছাত্ৰী সকলক উদ্দেশ্যি কয়, ‘এইবোৰৰ চক্ৰত নপৰিবা। পঢ়াত গুৰুত্ব দিয়া। ভালকে পঢ়া, ভাল ল'ৰা পাবা। নহ'লে যিকোনো এটা ল'ৰা লগত বিয়া হ'ব লাগিব।’
এইদৰে ছাৰৰূপী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এঘন্টা ধৰি বিভিন্ন বিষয়ৰ ওপৰত ছাত্ৰীসকলক শিক্ষা দিবলৈ চেষ্টা কৰা দেখা গ'ল। আনহাতে শিক্ষকৰূপে বিধায়ক ৰূপজ্যোতিৰ পৰা পাঠ গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ছাত্ৰীসকলো। শিক্ষকৰূপী বিধায়কৰ পাঠ গ্ৰহণ কৰি বহুত ভাল লাগিল বুলিও মন্তব্য কৰে ছাত্ৰীসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|