নিতৌ ন-ন কৰ্মকাণ্ডৰে সংবাদ শিৰোনাম দখল কৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি পুৱা হাতত এখন কোৰ লৈ মৰিয়নিৰ হেমলাইৰ সমীপত ধোদৰ আলি মেৰামতিত অকলে ব্যস্ত হৈ থকা দৃষ্টি-গোচৰ হয়। ঐতিহাসিক পথটো পুনৰ নিৰ্মানৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দীৰ্ঘদিনৰ পৰা দাবী প্ৰতিবাদ কৰি আহিছে যদিও গা নলৰিল চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ। সেয়ে আজি বিধায়ক গৰাকীয়ে পথটোৰ দ গাঁতত জমা হোৱা পানীবোৰ নলা কাটি আঁতৰাবলৈ চেষ্টা কৰে।
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধস্ত ধোদৰ আলিত এনেদৰে কোৰ লৈ ব্যস্ত হৈ পথটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত প্ৰতীকী প্ৰতিবাদ কৰা বুলি জানিবলৈ দিয়ে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিটো মেৰামতি কৰা ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ আৰু বিজেপি চৰকাৰৰ ওচৰত বহুবাৰ আবেদন জনাইছিল যদিও কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰে।
বিধায়ক গৰাকীয়ে বৰ্তমানৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক পথটো নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধোদৰ আলিটো নিৰ্মাণৰ বাবে সোনকালে পুঁজি মুকলি কৰি দিবলৈ অনুৰোধ জনোৱাৰ লগতে মুখ্য মন্ত্ৰী গৰাকী নিজে আহি পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰিবলৈও আহ্বান জনায়।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 09, 2021, 13:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।