• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰিয়নি নগৰত home isolationত থকা covid-19ত আক্ৰান্তক বিনামূলীয়াকৈ দৰৱ যোগান যুৱ ব্যৱসায়ীৰ।

মৰিয়নি নগৰত home isolationত থকা covid-19ত আক্ৰান্তক বিনামূলীয়াকৈ দৰৱ যোগান যুৱ ব্যৱসায়ীৰ।

হোম আইচ'লেচনত থকা ক'ভিড ৰোগীক বিনামূলীয়াকৈ ঔষধ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে মৰিয়নি নগৰৰ যুৱ ব্যৱসায়ী প্ৰদীপ দাস। নগৰ অঞ্চলৰ পাঁচটা ৱাৰ্ডত যিসকল ব্যক্তি কভিড পজিটিভ হৈ হোম আইচলেচনত আছে তেনে ব্যক্তি বা পৰিয়ালক ঘৰতে প্ৰয়োজনীয় ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিছে।

  • Share this:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নিতো প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে ক'ভিড পজিটিভৰ সংখ্যা। মৰিয়নি নগৰত ইতিমধ্যে ক'ভিড পজিটিভৰ সংখ্যা ১৫০ৰ ঘৰ চুইছে। নগৰ খনত হোম আইচলেচনত থকা লোকসকলক প্ৰশাসনৰ তৰফৰ পৰা কোনো সাহায্য আগনবঢ়োৱাত একাংশ পৰিয়ালৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। এনে সময়ত হোম আইচ'লেচনত থকা ক'ভিড ৰোগীক বিনামূলীয়াকৈ ঔষধ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে মৰিয়নি নগৰৰ নিবেদিতা মেডিকেলৰ স্বত্বাধিকাৰী তথা যুৱ ব্যৱসায়ী প্ৰদীপ দাস।

নগৰ অঞ্চলৰ পাঁচটা ৱাৰ্ডত যিসকল ব্যক্তি কভিড পজিটিভ হৈ হোম আইচ'লেচনত আছে তেনে ব্যক্তি বা পৰিয়ালক ঘৰতে প্ৰয়োজনীয় ঔষধ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিছে এইগৰাকী যুৱ ব্যৱসায়ীয়ে। হোম ডেলিভাৰীৰ বাবে চিকিৎসকৰ প্ৰেছক্ৰীপছন আৰু ঠিকনা হোৱাটচ্আপত প্ৰেৰণ কৰিলে ঘৰতে ঔষধ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যুৱ ব্যৱসায়ীগৰাকীয়ে।আনহাতে এনে ব্যৱস্থাই হোম আইচ'লেচনত থকা ৰোগী সকলৰ লগতে দৰিদ্ৰ ক'ভিড ৰোগী সকলক যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে যুৱ ব্যৱসায়ী প্ৰদীপ দাসে।মৰিয়নি নগৰৰ কভিড ৰোগী সকলে এই  সুবিধা গ্ৰহণ কৰিবলৈ হ'লে প্ৰদীপ দাসৰ  ৱাটচ আপ নম্বৰত প্ৰেচক্ৰীপছনখন সহ ঘৰৰ ঠিকনা দিবলৈ অনুৰোধ জনাইছে।জটিল সময়ত যুৱ ব্যৱসায়ী গৰাকীৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি