চিঠিৰ মাদকতা ঘূৰাই অনাৰ বাবে মৰিয়নীৰ এজন যুৱকে ল'লে অভিনৱ পদক্ষেপ

মৰিয়নীৰ চেলেংহাট উপ ডাক ঘৰৰ যোগেদি যুৱকজনে একেদিনাই দুশৰো অধিক চিঠি প্ৰেৰণ কৰিলে।
মৰিয়নীৰ চেলেংহাট উপ ডাক ঘৰৰ যোগেদি যুৱকজনে একেদিনাই দুশৰো অধিক চিঠি প্ৰেৰণ কৰিলে।
- News18 Assam
- Last Updated: January 22, 2021, 4:14 PM IST
মৰিয়নীৰ চেলেংহাট উপ ডাক ঘৰৰ যোগেদি যুৱকজনে একেদিনাই দুশৰো অধিক চিঠি প্ৰেৰণ কৰিলে। কিন্তু কালৈ প্ৰেৰণ কৰিলে ইমানবোৰ চিঠি একেলগে? আচলতে যুৱকজন হৈছে পূব-যোৰহাট শিক্ষা খণ্ডৰ হেমলাই আৰু লাহিং মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মহেন্দ্ৰ নাথ। শিক্ষা বিভাগৰ এক আঁচনি অনুসৰি, চৰকাৰী বিদ্যালয়সমূহৰ সৈতে সমাজক জড়িত কৰোৱাৰ মানসেৰে নৱগঠিত বিদ্যালয় পৰিচালনা সমিতি (SMC) সমূহৰ আগন্তুক তিনিদিনীয়া প্ৰশিক্ষণলৈ অংশগ্ৰহণকাৰীসকলক ডাকযোগে পত্ৰ প্ৰেৰণ কৰি নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ডাকযোগে অহা চিঠিৰ হেৰাই যোৱা মাদকতা ঘূৰাই অনাৰ এক প্ৰচেষ্টা গ্ৰহণ কৰা লগতে বিদ্যালয় পৰিচালনাৰ সৈতে জড়িত বিষয়-ববীয়াসকলৰ মনতো সেই সুকীয়া মাদকতা প্ৰদান কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে মণ্ডল সমন্বয়ক মহেন্দ্ৰ নাথে।