‘চোৰ : হেল্ল’ ম’বাইলটো দিবনে, গৃহস্থৰ উত্তৰ : ছাগলী ঘূৰাই দিলেহে ম’বাইল দিম’ – মৰিয়নীত ছাগলী চোৰৰ আমোদজনক ঘটনা

News18 Assam | News18-Assam
Updated:January 15, 2021, 3:13 PM IST
‘চোৰ : হেল্ল’ ম’বাইলটো দিবনে, গৃহস্থৰ উত্তৰ : ছাগলী ঘূৰাই দিলেহে ম’বাইল দিম’ – মৰিয়নীত ছাগলী চোৰৰ আমোদজনক ঘটনা
চোৰটোৱে ম'বাইল ফোনটো ঘূৰাই বিচাৰি গৃহস্থলৈ বাৰে বাৰে ফোন কৰি আছে। গৃহস্থও চোৰক চুৰ কৰি নিয়া ছাগলীটো উভটাই দিলেহে ম'বাইলটো ঘূৰাই দিব বুলি স্পষ্টকৈ জনাই দিয়ে।

চোৰটোৱে ম'বাইল ফোনটো ঘূৰাই বিচাৰি গৃহস্থলৈ বাৰে বাৰে ফোন কৰি আছে। গৃহস্থও চোৰক চুৰ কৰি নিয়া ছাগলীটো উভটাই দিলেহে ম'বাইলটো ঘূৰাই দিব বুলি স্পষ্টকৈ জনাই দিয়ে।

  • Share this:
ভোগালী বিহুৰ উৰুকাৰ নিশা চোৰ কৰাটো অসমীয়া সমাজৰ এটা পৰম্পৰা। কিন্ত উৰুকাৰ নিশা চুৰি কৰিবলৈ আহি চোৰৰ লাগিল কেণা। মৰিয়নীৰ চেলেং গড়কোষত এঘৰত ছাগলী চুৰি কৰিবলৈ আহি বিপদত পৰিল এটা চোৰ। চেলেং গড়কোষৰ তিলক গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত উৰুকাৰ নিশা ছাগলী চুৰি কৰিবলৈ আহিছিল চোৰটো। ব্যক্তিজনৰ ঘৰৰ চৌহদত থকা ছাগলীৰ গড়ালৰ পৰা চোৰে এটা ছাগলী চুৰি কৰি নিবলৈ লওতেই ছাগলীৰ চিঞৰত গৃহস্থই সাৰ পাই চিঞৰ–বাখৰ কৰে। চোৰে ছাগলীসহ পলাবলৈ সক্ষম হয় যদিও ছাগলী চোৰৰ পকেটৰ পৰা গৃহস্থৰ চোতালত পৰি থাকি গ'ল ম'বাইল ফোনটো। ম'বাইলটোত পোৱা গ'ল ছাগলী চোৰৰ ছেল্ফী।

আনহাতে, চোৰটোৱে ম'বাইল ফোনটো ঘূৰাই বিচাৰি গৃহস্থলৈ বাৰে বাৰে ফোন কৰি আছে। গৃহস্থও চোৰক চুৰ কৰি নিয়া ছাগলীটো উভটাই দিলেহে ম'বাইলটো ঘূৰাই দিব বুলি স্পষ্টকৈ জনাই দিয়ে। চোৰে ছাগলীটো ঘূৰাই ম'বাইলটো লৈ আহিব বুলি প্ৰতিশ্ৰুতিও দিয়ে। কিন্তু বিয়লিলৈ ছাগলীসহ চোৰৰ দেখা দেখি নাই।

আনহাতে ছাগলীটো চোৰৰ পৰা ঘূৰাই পোৱাৰ আশাত চোৰৰ বিষয়ে স্থানীয় আৰক্ষীক গোচৰ দিয়া নাই তিলক গগৈ নামৰ লোকজনে। ঘটনাটোৱে অঞ্চলটোত আমোদৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: January 15, 2021, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি