• Home
  • »
  • News
  • »
  • assam
  • »
  • অখিল আৰু কংগ্ৰেছৰ গৰুয়ে গাখীৰ নিদিয়ে, BJPৰ গৰুয়ে ২৬ লিটাৰকৈ গাখীৰ দিয়ে: মৰিয়নীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অখিল আৰু কংগ্ৰেছৰ গৰুয়ে গাখীৰ নিদিয়ে, BJPৰ গৰুয়ে ২৬ লিটাৰকৈ গাখীৰ দিয়ে: মৰিয়নীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গাখীৰ দিয়া গৰু কিনিবনে গাখীৰ নিদিয়া কিনিব: মুখ্যমন্ত্ৰী। জ্যোতিষীৰ পিছত মৰিয়নীৰ নিৰ্বাচনী প্ৰচাৰ সভাত গাখীৰ দিয়া-নিদিয়া গৰুৰ প্ৰসংগ উলিয়ালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰৰ দিনটোত মৰিয়নী সমষ্টিৰ BJP প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ চাৰিখনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

  • Share this:
জ্যোতিষীৰ পিছত মৰিয়নীৰ নিৰ্বাচনী প্ৰচাৰ সভাত গাখীৰ দিয়া-নিদিয়া গৰুৰ প্ৰসংগ উলিয়ালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰৰ দিনটোত মৰিয়নী সমষ্টিৰ BJP প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ চাৰিখনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷

মৰিয়নীৰ জংগল ব্ল'ক হাইস্কুলৰ খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত ড° শৰ্মাই বিৰোধী কংগ্ৰেছ আৰু অখিল গগৈক টাৰ্গেট কৰি লয়। এই সভাতেই মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাইজক উদ্দেশ্যি ক'লে- “ৰাইজ, আপোনালোকে গাখীৰ দিয়া গৰু কিনিবনে গাখীৰ নিদিয়া গৰু কিনিব। অখিল গগৈ আৰু কংগ্ৰেছৰ গৰুয়ে গাখীৰ নিদিয়ে ৷ অখিল আৰু কংগ্ৰেছৰ গৰুয়ে খাবহে জানে ৷ কিন্তু BJPৰ গৰুয়ে দৈনিক ২৬ লিটাৰকৈ গাখীৰ দিয়ে ৷ এতিয়া আপোনালোকে কওক- গাখীৰ দিয়া গৰু আপোনালোকে কিনিবনে গাখীৰ নিদিয়া গৰুক কিনিব?”

মুখ্যমন্ত্ৰীয়ে লগতে ক'লে- “যোৱা পাঁচ মাহত আমি দিনে নিশাই কাম কৰিছো ৷ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি আছো আৰু অনাগত পাঁচ বছৰো আমি এনেদৰেই ৰাইজৰ হৈ কাম কৰি যাম ৷ অসমক নতুনকৈ সজাব লাগিব ৷ ৰূপজ্যোতি কুৰ্মীক ভোট দিয়ক আৰু আমি আপোনালোকৰ মৰিয়নীলৈ উন্নয়নৰ গংগা নমাই আনিম ৷”
Published by:Kokil Sarma
First published: