২০০৬ চনৰ পৰা চাৰিবাৰকৈ কংগ্ৰেছ দলৰ হৈ মৰিয়নি সমষ্টিৰ পৰা বিধান সভালৈ নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীও অৱশেষত বিজেপিত যোগদান কৰিব নেকি? এই পৰ্যন্ত ৰূপজ্যোতি কূৰ্মীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই যদিও বিজেপিত যোগদান প্ৰায় নিশ্চিত হৈ পৰিছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে বিধায়ক কূৰ্মীয়ে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ সৈতে এই সন্দৰ্ভত কৰা আলোচনাত নব্বৈ শতাংশই বিজেপিত যোগদান কৰাত সমৰ্থন আগবঢ়াইছে। ইফালে ১৪ জুনত নিশা টীয়কত মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু সাংসদ তপন গগৈৰ সৈতে ৰূপজ্যোতি কুৰ্মী এক গোপন আলোচনাত মিলিত হৈছিল বুলি খবৰ ওলাইছে। বিধায়ক গৰাকীৰ ঘনিষ্ঠ এক বিশ্বস্ত সূত্ৰে জানিব পৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু সাংসদ তপন গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ চৰ্ত সন্দৰ্ভত কৰা আলোচনাৰ পাছত বিজেপি দলৰ শীৰ্ষ মহলে সেউজ সংকেত দিয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাতো নিশ্চিত হৈছে।
বিধায়ক গৰাকীয়ে বিজেপি গমন কৰাতো চুড়ান্ত বুলি NEWS18ক অনানুষ্ঠানিকভাৱে অৱগত কৰিলেও ক'ত আৰু কেতিয়া যোগদান কৰিব সেয়া এতিয়াও ঠিক হোৱা নাই বুলি প্ৰকাশ কৰে। মনকৰিব লগীয়া যে, এসপ্তাহৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিছপুৰত সাক্ষৎ কৰা ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আজি মৰিয়নিৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱা কাৰ্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : June 17, 2021, 21:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।