ক'ভিডসৃষ্ট পৰিবেশে কঢ়িয়াই অনা দুৰ্যোগৰ মাজতে পোহৰলৈ আহিছে মৰিয়নিৰ এগৰাকী কিশোৰীৰ জীৱন সংগ্ৰামৰ কাহিনী। পৰিয়ালৰ সমস্ত দায়িত্ব হেলাৰঙে মূৰ পাতি জীৱন যুদ্ধত অৱতীৰ্ণ হৈছে মৰিয়নি নগৰৰ পাশ্বৱৰ্তী এলেকা শান্তিপুৰৰ আশা প্ৰধান নামৰ কিশোৰীগৰাকী।

আশা প্ৰধানৰ পিতৃ তথা গোপালক দুৰ্গা বাহাদুৰ প্ৰধানৰ জীৱন আৰু জীৱিকা আজিৰ পৰা এবছৰ পূৰ্বেলৈকে ঠিকে চলি আহিছিল।পত্নী, দুই জীয়ৰী আৰু পুত্ৰ সন্তানৰ সহিতে দুৰ্গা বাহাদুৰ প্ৰধানৰ পৰিয়ালটো গোপালনৰ দ্বাৰা উপাৰ্জিত ধনেৰে সুন্দৰকৈ চলা লগতে সন্তানকেইটাকো পঢ়াই শুনাই ডাঙৰ মানুহ ৰূপে গঢ় দিয়াৰ সপোন দেখিছিল। সঞ্চিত ধনেৰে বাঁহৰ ঘৰটোৰ পৰিবৰ্তে পকীকৈ এটা ঘৰ নিৰ্মাণো আৰম্ভ কৰিছিল দুৰ্গা বাহাদুৰ প্ৰধানে। কিন্তু পৰিয়ালটোৰ মুৰব্বী দুৰ্গা বাহাদুৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ পৰা পাছৰ পৰাই পৰিয়ালটোলৈ অন্ধকাৰ নামি আহে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিছুদিন চিকিৎসাৰ অন্তত দুৰ্গা বাহাদুৰ কিছু সুস্থ হ'ল যদিও চিকিৎসকে পৰামৰ্শ দিলে কষ্টকৰ কাম নকৰিবলৈ।পৰিয়ালটোৰ মূৰব্বী জনৰ এনে অৱস্থাত পৰিয়ালটোৰ মূৰত যেন সৰগ হে ভাগি পৰিল। কিন্তু এনে সময়তে পৰিয়ালটোৰ নৱম শ্ৰেণীত অধ্যয়নৰত ১৪ বছৰীয়া জেষ্ঠ কন্যা আশা প্ৰধানে সাহসেৰে পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল'বলৈ আগবাঢ়ি আহিল। আশা প্ৰধানে নিজকে নিয়োজিত কৰিলে পিতৃৰ দৰে এগৰাকী গোপালকৰ ৰূপত।নিতৌ পুৱাৰ পৰা গোহালীত ব্যস্ত হৈ পৰে আশা।গোহালী চাফ চিকুন কৰাৰ পৰা গাখীৰ খিৰোৱা, ঘাঁহ কটা, গৰুক দানা দিয়া উপৰি আশাই পিতৃৰ চাইকেল খনত গাখীৰ ভৰ্তি পাত্ৰ দুটা ওলোমাই পুৱা আৰু আবেলি মৰিয়নি নগৰত গাখীৰ বিক্ৰী কৰিবলৈ ওলাই যায়।আনহাতে বৰ্তমান যোৰহাট জিলাত লকডাউনৰ বাবে হোটেল সমুহ বন্ধ হৈ থকাত দৈনিক বহু লিটাৰ গাখীৰ নষ্ট হৈ থকা বুলি উল্লেখ কৰি পৰিয়ালটো চলাবলৈ বহুত কষ্ট হৈছে বুলি দুখ প্ৰকাশ কৰে আশা প্ৰধানে। পুৱাৰ পৰা আশা ১২জনীকৈ গৰুৰ প্ৰতিপালন আৰু গাখীৰ বিক্ৰী কৰিবলৈ পুৱা-আবেলি ওলাই যাব লগা হোৱা বাবে পঢ়া ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে আশাই এনেদৰে গাখীৰ বিক্ৰী কৰি আশাই নিজৰ পাঁচজনীয়া পৰিয়ালটোৰ দায়িত্ব মূৰ পাতি চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম। বহু কষ্টৰ মাজতো নিজৰ জীৱনটোক লৈ কেতিয়াও আশাহত হোৱা নাই আশা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|