প্ৰথমবাৰলৈ চৰকাৰে উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ৩১ মাৰ্চত পালন কৰিব ছাত্ৰ দিৱস হিচাপে। সেই দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কেইবাখনো শিক্ষামূলক আঁচনি। ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ক শিক্ষা সেতু এপৰ জৰিয়তে প্ৰদান কৰা হ'ব ৫২ হাজাৰ টেবলেট।
ছাত্ৰ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে ২৬,২২৫গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক উৎকৰ্ষ সাধন কৰাৰ উদেশ্যে প্ৰদান কৰিব জলপানি। এই কথা সদৰী কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়- ছাত্ৰনেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন উপলক্ষে ৩১ মাৰ্চত 'ছাত্ৰ দিৱস' পালন কৰিব ৰাজ্য চৰকাৰে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জয়ন্তীত ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত উদযাপন হ'ব ছাত্ৰ দিৱস। ৰাজ্যৰ বিশ্ববিদ্যালয়, কলেজ, হাইস্কুল, প্ৰাথমিক বিদ্যালয়ত পালন কৰা হ'ব এই দিৱস।
কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া দিৱসত ৫২ হাজাৰ মোবাইল টেবলেট শিক্ষাৰ্থীক কৰা হ'ব বিতৰণ। ২৬,২২৫ গৰাকী সংখ্যালঘু ছাত্ৰীক ৪ আৰু ২ হাজাৰকৈ জলপানি প্ৰদান কৰিব চৰকাৰে। ২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰায় ৩.৫০ লাখ শিক্ষাৰ্থীয়ে কিতাপ-বহী কিনাৰ বাবদ পাব ১৪৫০কৈ টকা।
১৬,৭৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেল খৰছৰ বাবে চৰকাৰৰ পৰা পাব ৭,১৫৮ টকাকৈ। ৭,৭২৩ গৰাকী বিশ্ববিদ্যালয় আৰু কলেজৰ ছাত্ৰীলৈ শিক্ষানুষ্ঠান লৈ অহা-যোৱাৰ বাবে প্ৰদান কৰা হ'ব ১০ হাজাৰকৈ টকা। প্ৰায় ১২ কোটি ধন খৰছ কৰি এই চৰকাৰী আঁচনিৰ টকা মোকোলাই দিব শিক্ষা বিভাগে।
Published by: Gautam Barman
FIRST PUBLISHED : March 27, 2023, 17:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।