বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত মৰাণহাটৰ এটা দম্পতীক আত্মগোপন কৰি থকা অৱস্থাত কালি নিশা গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযোগ মতে, এগৰাকী কিশোৰীক নিৰ্যাতন চলাইছিল মৰাণহাটৰ শান্তিপুৰৰ এই দম্পতীটোৱে।
এই সন্দৰ্ভত ২৮ জুলাইত মৰাণহাট আৰক্ষী থানাত ভুক্তভোগী কিশোৰীগৰাকীয়ে গোচৰ দিছিল। আটকাধীন দম্পতীটোৰ স্বানী নিৰূপম দাস আৰু পত্নী পিংকী শইকীয়া।
কিশোৰীগৰাকীয়ে অভিযোগ দিয়া মতে, তেওঁৰ গাত গৰম পানী ঢালি নিৰ্যাতন কৰা হৈছিল। নিৰূপম দাস সোণাৰী টী ব’ৰ্ডৰ বিষয়া আৰু পত্নী পিংকী শইকীয়া ডিমৌ Sariculture বিভাগৰ কৰ্মচাৰী।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দম্পতীটোক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাই মৰাণহাট আৰক্ষীক চমজায় দিয়ে। ঘটনা সন্দৰ্ভত অভিযুক্ত পিংকী শইকীয়াই সকলো অভিযোগ নসাৎ কৰি এয়া ষড়যন্ত্ৰ বুলি প্ৰকাশ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|