• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাওবাদী নেতা টিংৰাজ ওৰাঙে, পত্নীৰ মৃত্যুৰ পিছত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান

অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাওবাদী নেতা টিংৰাজ ওৰাঙে, পত্নীৰ মৃত্যুৰ পিছত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান

শামুকতোলাৰ ঘৰখনত টিংৰাজৰ পত্নী তৰামাই ওৰাঙৰ চলিত বৰ্ষৰ জুন মাহত মৃত্যু ঘটিছিল৷ ইয়াৰ পিছতে পৰিয়ালটোত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান৷

  • Share this:
অৱশেষত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে মাওবাদী নেতা টিংৰাজ ওৰাঙে৷ উজনিৰ নাহৰকটীয়াৰ শামুকতোলা নামৰ এখন গাঁৱৰ এইগৰাকী চাহ জনগোষ্ঠীয় সংগ্ৰামী নেতাই ২০০৭ চনৰ অক্টোবৰ মাহতে নিষিদ্ধঘোষিত মাওবাদীৰ সৈতে লগ লাগিছিল৷ ৰাজ্যৰ বাহিৰত গেৰিলা প্ৰশিক্ষণ গ্ৰহণ কৰা টিংৰাজ ওৰাঙৰ শুংসূত্ৰ দীৰ্ঘসময় ধৰি আৰক্ষী বা চোৰাংচোৱা বাহিনীয়ে উলিয়াব পৰা নাছিল৷ অৱশেষত আৰক্ষীৰ ওচৰত নিজেই ধৰা দিয়েহি টিংৰাজে৷

উল্লেখ্য যে শামুকতোলাৰ ঘৰখনত টিংৰাজৰ পত্নী তৰামাই ওৰাঙৰ চলিত বৰ্ষৰ জুন মাহত মৃত্যু ঘটিছিল৷ ইয়াৰ পিছতে পৰিয়ালটোত নিথৰুৱা হৈ পৰিছিল তিনি সন্তান৷ ইতিপূৰ্বে সংবাদ মাধ্যমৰ সন্মুখতো সন্তানত্ৰয়ে কাতৰ আহ্বান জনাইছিল মাওবাদী পিতৃক স্বাভাৱিক জীৱনলৈ ভভতি আহিবলৈ৷ টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণে সেই তিনি নিথৰুৱা সন্তানলৈ যেন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি