মুখ্যপৃষ্ঠা »খবৰ »অসম »Trains cancelled for Assam floods: অসমত বানপানী, বাতিল-পথ সলনি কেইবাখনো ৰেলৰ ! কাঞ্চনজংঘা এক্সপ্ৰেছো আছে তালিকাত ...

Trains cancelled for Assam floods: অসমত বানপানী, বাতিল-পথ সলনি কেইবাখনো ৰেলৰ ! কাঞ্চনজংঘা এক্সপ্ৰেছো আছে তালিকাত ...

সাংকেতিক ছবি

অসমত বানপানীৰ ফলত কেইবাখনো ৰে'ল বাতিল ৷ শিয়ালদাহৰ পৰা আগৰতলা আৰু শিলচৰলৈ কাঞ্চনজংঘা এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে'লৰ পথ সলনি কৰা হৈছে৷

  • Share this:
অসমত বানপানীৰ ফলত কেইবাখনো ৰে'ল বাতিল ৷ শিয়ালদাহৰ পৰা আগৰতলা আৰু শিলচৰলৈ কাঞ্চনজংঘা এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে'লৰ পথ সলনি কৰা হৈছে৷

অসমত বানপানীৰ ফলত ৰাজ্যখনৰ বৃহৎ অংশত ৰে'ললাইন পানীৰ তললৈ গৈছে৷ চিগনেলিং প্ৰণালীও ব্যাহত হৈছে৷ সমগ্ৰ দেশৰ পৰা ৰে'ল পথ বিচ্ছিন্ন হৈ পৰিছে আগৰতলা আৰু শিলচৰৰ৷

নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱেৰ মতে, আগৰতলালৈ অহা-যোৱা কৰা সকলো ৰেল বাতিল কৰা হৈছে, যাৰ বেছিভাগ ৰাজ্যৰ উত্তৰলৈ যায়।

ৰে'লৱে বিজ্ঞপ্তিঅনুসৰি, শিয়ালদাহৰ পৰা আগৰতলালৈ কাঞ্চনজংঘা এক্সপ্ৰেছ ১৫, ১৭, ১৯ আৰু ২০ মে'ত লামডিঙলৈ যাত্ৰা কৰিব৷ ১৭, ১৯, ২১ আৰু ২২ তাৰিখে কাঞ্চনজংঘা এক্সপ্ৰেছে আগৰতলাৰ পৰিৱৰ্তে লামডিঙৰ পৰা শিয়ালদাহলৈ যাত্ৰা আৰম্ভ কৰিব৷

১৬, ১৮ আৰু ২১ মে'ত শিয়ালদাহৰ পৰা শিলচৰলৈ চলা কাঞ্চনজংঘা এক্সপ্ৰেছো লামডিঙলৈ যাব৷ ৰে'লখনৰ উভতনি যাত্ৰাও ১৮, ২০ আৰু ২৩ মে'ত লামডিঙৰ পৰা আৰম্ভ হ'ব৷ ৰে'ল বিষয়াসকলে দাবী কৰে যে বানপানীৰ ফলত অসমত ৰে'লৱেৰ ক্ষতিৰ পৰিমাণ কেইবা কোটি টকা হৈছে।  ৰে'লপথ ৰেল চলাচলৰ বাবে উপযোগী কৰিবলৈ কিছু সময় লাগিব৷

শেহতীয়া বাতৰি