உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Independence Day 2021 : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ পদক্ষেপ, শ্বহীদৰ নামত উৎসৰ্গিত পাঁচটা পথ

    Independence Day 2021 : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ পদক্ষেপ, শ্বহীদৰ নামত উৎসৰ্গিত পাঁচটা পথ

    ১০ আগষ্টত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কক্ষত এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত উল্লেখিত গ্ৰাম্য পথ সমুহ দেশৰ স্বাধীনতা (Independence Day 2021) সংগ্রামৰ বীৰ শ্বহীদ সকলৰ নামত নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    • Share this:
    দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021) উপলক্ষে নগাঁও জিলা প্ৰশাসনে শ্বহীদ সকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে লৈছে এক সুন্দৰ পদক্ষেপ।  জিলাখনৰ পাঁচোটাকৈ  গ্ৰাম্য পথ দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ সকলৰ নামত নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে নগাঁও জিলা প্ৰশাসনে। ।

    এই অনুসৰি দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পঘালী গাঁও পঞ্চায়তৰ জাজৰী চাৰিআলিৰ পৰা কাকমাৰী চাৰিআলিলৈকে পথচোৱা শ্বহীদ অনিল হীৰা পথ নামেৰে নামকৰণ।

    দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ হাতীচুং গাঁও পঞ্চায়তৰ অধীনৰ ব্ৰাহ্মণ গাঁও চাৰিআলিৰ পৰা বৰ হাতীচুং গাঁৱলৈকে পথচোৱা শ্বহীদ দহি ৰাম বৰা পথ নামেৰে নামকৰণ।

    পাখিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত পাখিমৰিয়া গাঁও পঞ্চায়তৰ অধীনৰ নলজলাহ গাঁও চাৰিআলিৰ পৰা ৰণথলী  ব্লক কাৰ্য্যালয়লৈকে পথচোৱা শ্বহীদ প্ৰশান্ত বৰা পথ নামেৰে নামকৰণ।

    বটদ্ৰৱা  উন্নয়ন খণ্ডৰ অন্তৰ্গত  বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ অধীনৰ থানৰ পৰা বটদ্ৰৱা বাছ-আস্থানলৈকে পথচোৱা শ্বহীদ লীলা কান্ত কলিতা পথ আৰু

    কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত দেৱনাৰীকলি গাঁও পঞ্চায়তৰ অধীনৰ ঘিলানি কন্দাপাৰা পৰা ঘিলানি পথলৈকে এই পথচোৱা  শ্বহীদ ফৈজুল হক পথ নামেৰে নামকৰণৰ  কৰা হয় ।

    উল্লেখ্য যে যোৱা ১০ আগষ্টত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কক্ষত এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত উল্লেখিত গ্ৰাম্য পথ সমুহ দেশৰ স্বাধীনতা সংগ্রামৰ বীৰ শ্বহীদ সকলৰ নামত নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই উপলক্ষে বিগত দুটা দিন ধৰি জিলাখনৰ গ্ৰাম্য অঞ্চল সমূহত শ্বহীদৰ নামত নামকৰণ কৰা পথ সমূহত  পি.আৰ.আই, স্থানীয় ৰাইজ আৰু শ্বহীদৰ উত্তৰাধিকাৰীৰ উপস্থিতত এক অনুষ্ঠান আয়োজন কৰি পথসমূহত শ্বহীদৰ   ফলক লগোৱাৰ  ব্যৱস্থা কৰা হয়। শনিবাৰে দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পঘালী গাঁও পঞ্চায়তৰ জাজৰী চাৰিআলিৰ পৰা কাকমাৰী চাৰিআলিলৈকে পথচোৱা শ্বহীদ অনিল হীৰা পথ নামাকৰণ কৰা হয় ।
    Published by:Manjumoni Borah
    First published: