শীঘ্ৰে সাগৰমালা আঁচনিৰ যোগেদি গুৱাহাটীৰ আশে-পাশে ব্ৰহ্মপুত্ৰৰ পাৰত থকা ৫ মন্দিৰ থানৰ বাবে আৰম্ভ হ'ব ফেৰীসেৱা ৷ সমান্তৰালকৈ ফেৰীৰ পৰা কামাখ্যা দৰ্শনৰ বাবে কৰা হ'ব লিফ্টৰ দৰে ব্যৱস্থা ৷
বৃহস্পতিবাৰে হোৱা কেবিনেটত পৰ্যটনকে ধৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷ বৃস্পতিবাৰে অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যৰ পৰ্যটন উদ্যোগক আগবঢ়োৱাৰ বাবে লোৱা হৈছে এই ব্যৱস্থা ৷
কামাখ্যা মন্দিৰ,উমানন্দ মন্দিৰ,পাণ্ডুনাথ,অশ্বক্লান্ত আৰু দৌল গৌবিন্দ থানক লৈ ব্ৰহ্মপু্ত্ৰত আৰম্ভ হ'ব ফেৰী সেৱা। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে আৰম্ভ কৰিব এই সাগৰমেলা আঁচনি, য'ত থাকিব কামাখ্যা মন্দিৰলৈ ২ পৰা ৩ মিনিটৰ ভিতৰত ব্ৰহ্মপুত্ৰ পাৰৰ পৰা যাবলৈ লিফ্টৰ দৰে ব্যৱস্থা, য'ত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব থাকিব ৪৫ শতাংশ ৷
কাৰিকৰী শিক্ষা ক্ষেত্ৰতো লোৱা হৈছে বিশেষ সিদ্ধান্ত ৷ অষ্টম শ্ৰেণী পিছত কাৰিকৰী এবছৰীয়া পাঠ্যক্ৰম পঢ়া ছাত্ৰ-ছাত্ৰীসকলক আন পাঠ্যক্ৰমৰ সমান মৰ্যাদা দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ অষ্টম শ্ৰেণীৰ কাৰিকৰী শিক্ষা লোৱাসকলৰ শিক্ষা মেট্ৰিকৰ সমপৰ্যায়ৰ হ'ব ৷
দশম শ্ৰেণীৰ পিছত দুবছৰীয়া পাঠ্যক্ৰম লোৱাসকলৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত সমপৰ্যায়ৰ হ'ব৷ লগতে কাৰিকৰী বোৰ্ডক ছেবা আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ সমপৰ্যায়ৰ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ সমান্তৰালকৈ ঢেকীয়াজুলিৰ বৰচলাত উচ্ছেদ কৰা ভূমিত ৫০ মেগাৱাটৰ ছ'লাৰ পাৰ্ক নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
৪৪৬২ কোটি টকা ব্যয় সাপেক্ষে ৪৪ লাখ ঘৰত লগোৱা হ'ব বিদ্যুতৰ স্মাৰ্ট মিটাৰ, যাৰ দ্বাৰা লাভ হ'ব ৫ হাজাৰ টেকনিচিয়ানক চাকৰি দিয়া আৰু ২ হাজাৰ ৰিচাৰ্জ এজেন্টৰ বাবে সুবিধা হ'ব ৷ লগতে কন্ট্ৰলাৰ অফ লিগেল মেট্ৰলজী আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগক একগোট কৰাৰ সিদ্ধান্ত লোৱা হ'ব ৷
দুয়োটা বিভাগ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগত একেলগে কাম কৰিব ৷ কেবিনেটত NDRFক হাজোৰ সমীপত ২২৭ বিঘা ভূমি বেটেলিয়ন কেম্প বনোৱাৰ অনুমোদন ৷ লগতে মিছন বসুন্ধৰাৰ আবেদনৰ দিশ ১০ জানুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে মীমাংসা কৰাৰ তাৰিখ আগষ্টৰ পৰা ১৪ নৱেম্বৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয় ৷
ইয়াৰ উপৰি ৰাজ্যৰ পৰিদৰ্শক পৰ্যায়ৰ ভাৰপ্ৰাপ্ত বিষয়া থকা আৰক্ষী থানাসমূহৰ বিষয়াসকলক জিলাৰ ভিতৰত বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিব আৰক্ষী আয়ুক্তকে ধৰি জিলা আৰক্ষী অধীক্ষকসকলক ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।