আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ জানো আহক-
গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ পুনর্গঠন-আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয়ৰ এক মঞ্চ প্ৰদান কৰাৰ বাবে থানা পৰ্যায়ৰ নাগৰিক সমিতি পুনৰ গঠনৰ অনুমোদন।
অসম আৰক্ষী আইনৰ ধাৰা ১১(৫)ৰ অধীনত গঠন হ'বলগীয়া সমিতিখনে সংশ্লিষ্ট থানাৰ বাবে সামূহিক যোগাযোগ গোট হিচাপে কাম কৰিব।
এখন সমিতিত অন্তর্ভুক্ত হ'ব-অধ্যক্ষঃ চৰকাৰৰ দ্বাৰা নিযুক্ত
সদস্য সচিবঃ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া
পদেন সদস্যঃ ক) চক্র বিষয়া খ) খণ্ড উন্নয়ন বিষয়া গ) স্বাস্থ্য, আবকাৰী, সমাজ কল্যাণ, লোক নিৰ্মাণ আদিৰ জ্যেষ্ঠতম বিষয়া।
সদস্যসকল : ক) পৌৰ নিগম / পৰিষদৰ (গুৱাহাটীৰ বাহিৰত) অধ্যক্ষ বা ৱাৰ্ড কমিছনাৰ (গুৱাহাটীত) খ) উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠতম জন প্রতিনিধি
মনোনীত–অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনামর্মে বাছনি (প্রতি বৈঠকত ২৫০ টকা) : ক) উপায়ুক্তৰ দ্বাৰা মনোনীত এগৰাকী সদস্য খ) আৰক্ষী অধীক্ষকৰ দ্বাৰা মনোনীত এগৰাকী সদস্য।
কাৰ্য আৰু দায়িত্বসমূহ-আৰক্ষী বিভাগৰ নাগৰিককেন্দ্ৰিক সেৱা সময়মতে প্ৰদানত সহায় কৰা।
আৰক্ষী থানাত পঞ্জীয়ন কৰা অভিযোগৰ বিৰুদ্ধে আৰক্ষীৰ সঁহাৰি নিশ্চিত কৰা।
অভিযোগৰ দুৰ্ব্যৱহাৰ ঘটনাৰ নিৰীক্ষণ
নীতিগত উন্নয়নৰ বাবে সম্প্ৰদায়ৰ তথ্য আৰু মতামত যোগান।
ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাজহুৱা কল্যাণৰ ক্ষেত্ৰত আৰক্ষীৰ পদক্ষেপক অধিক গতিশীলতা প্ৰদানৰ বাবে বিভিন্ন ৰাজহুৱা মঞ্চ ব্যবহাৰ
ড্ৰাগছৰ অপব্যৱহাৰ, মানৱ সৰবৰাহ, ডাইনী হত্যা, ঘৰুৱা হিংসা আদিৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক বিষয়ত জনসজাগতা সৃষ্টি কৰা।
এ চি এছ বিষয়াৰ ছিনিয়ৰ গ্রেড-১বিভিন্ন বিভাগৰ সাংগঠনিক গাঁথনি শক্তিশালী আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে ৭২ গৰাকী এ চি এছ বিষয়া অন্তর্ভুক্তিৰ হেতু অসম অসামৰিক সেৱাৰ ছিনিয়ৰ গ্ৰেড-১ত ৭২ টা সাময়িক পদ সৃষ্টিত অনুমোদন।
বিদ্যমান ১৭৮ গৰাকী ছিনিয়ৰ গ্রেড-১ এ চি এছ বিষয়াৰ লগত সংযোজনেৰে ২৫০গৰাকী হ'ব আৰু ১৯৯৫, ১৯৯৭, ১৯৯৯, ২০০২ আৰু ২০০৪ বেটচৰ ৭২ গৰাকী যোগ্য ছিনিয়ৰ গ্রেড-২ বিষয়াৰ পদোন্নতিৰে বাকী থকা অংশ পূৰণ কৰা হ'ব।
প্ৰস্তাৱিত ৭২ টা সাময়িক পদ পদোন্নতিপ্রাপ্ত বিষয়াসকলৰ বাবে ব্যক্তিগত হ'ব। ছিনিয়ৰ গ্রেড-১ পৰ্যায়ত নিয়মীয়া খালী পদৰ বিপৰীতে এজন বিষয়াক মিলাই দিয়া বা এজন বিষয়াক বাছনি গ্রেডলৈ পদোন্নতি দিয়াৰ পাছত সংশ্লিষ্ট বিষয়াৰ ব্যক্তিগত সাময়িক ছিনিয়ৰ গ্রেড-১ পদটো ছিনিয়ৰ গ্ৰেড-২লৈ ঘূৰাই দিয়া হ'ব।
সামূহিক পাকঘৰৰ বাবে ভূমিচাৰিদুৱাৰ ৰাজহ চক্ৰৰ গৰৈমাৰী মৌজাৰ অন্তৰ্গত মদপী চাহ বাগিচাত ১১ বিঘা ১ কঠা ১১ লেচা জোখৰ ভূমি গুৱাহাটীৰ হৰে কৃষ্ণ ম’ভমেণ্টক কেন্দ্রীভূত সামূহিক পাকঘৰ, দুখীয়া শিশুৰ বাবে বিদ্যালয়, সাংস্কৃতিক প্রকল্প ইত্যাদি স্থাপনৰ বাবে অনুমোদন।
ন্যায়িক বিষয়াৰ সংশোধিত দৰমহাদ্বিতীয় ৰাষ্ট্ৰীয় ন্যায়িক বেতন আয়োগৰ পৰামৰ্শ অনুসৰি ন্যায়পালিকাৰ অধীনস্থ ন্যায়িক বিষয়াসকলৰ সংশোধিত দৰমহা গাঁথনিত অনুমোদন।
পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সদস্যৰ পাৰিতোষিকষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগৰ হস্তান্তৰ অনুদানৰ পৰা ৰাজ্যৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নির্বাচিত সদস্যসকলক কামসমূহ সুচাৰুৰূপে কৰাৰ বাবে পাৰিতোষিক প্রদান।
২০২২ চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিমাহে বেংক একাউণ্ট যোগে সদস্যসকলক পাৰিতোষিক প্রদান।
অসমত নগৰীয়া প্ৰশাসন ব্যৱস্থাৰ উৎকৰ্ষৰ লক্ষ্যৰেপৌৰ নিগম (অসম)ৰ ব্যৱসায়িক পৰিচালনা নীতি, ২০২২ত অনুমোদন।
অসম পৌৰ নিগমৰ নিৰ্বাচন নীতি, ২০২২ত অনুমোদন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|