আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদমেল সম্বোধন কৰে। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা মাতৃভাষাত দিয়া হ’ব৷ সান্থালীসকলেও সান্থালী ভাষাত শিক্ষা ল’ব পাৰিব। অলছিকি লিপিত সান্থালী ভাষাত শিক্ষা ল’ব পাৰিব।
ইয়াৰ লগতে মাইক্ৰ’ফাইনেঞ্চৰ ক্ষেত্ৰত যিসকলৰ ঋণ ২৫ হাজাৰ টকা আছিল, সেইসকলক তৃতীয় পৰ্যায়ত ধৰা হ’ব। তেওঁলোকৰ ঋণ পৰিশোধ কৰা হ’ব। ইতিমধ্যে ১৬০০ কোটি প্ৰথম পৰ্যায়ত, ১৯০ কোটি দ্বিতীয় পৰ্যায়ৰ ঋণ পৰিশোধ কৰা হৈছে।
তিনিচুকীয়াত পঞ্চম উপায়ুক্ত সন্মিলনত লোৱা সিদ্ধান্তকেইটা আজি কেবিনেটত অনুমোদন হয়। ডিভিজনেল কমিছনাৰ আৰু নাথাকিব। GAGৰ প্ৰধান সচিবে এতিয়াৰে পৰা চলাব৷
ডেপুটি কমিছনাৰৰ সলনি ডিষ্ট্ৰিক্ট কমিছনাৰ হিচাপে আজিৰে পৰা জনা যাব। সকলোৱে নিজৰ জিলাৰ সকলো বিষয়াক বদলি কৰিব পাৰিব। গেজেটেড অফিচাৰসকলক District Commissioner–এ অভিভাৱক মন্ত্ৰীৰ সৈতে আলোচনা কৰি জিলাৰ ভিতৰতে বদলি কৰিব পাৰিব।
বেংকৰ লগত থকা বুজাবুজি চুক্তি (MoU)ৰ ম্যাদ বৃদ্ধি কৰাৰ লগতে মাইক্ৰ’ফাইনেন্সৰ ক্ষেত্ৰত ২৫ হাজাৰ টকালৈ লোৱা লোন মাৰিব চৰকাৰে৷
গুৱাহাটীৰ ট্ৰেফিক পদ্ধতিটো ঠিক কৰাৰ বাবে ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ ৫.৫০ কিলোমিটাৰ দূৰত্বৰ ফ্লাই অভাৰ নিৰ্মাণ হ’ব। কেবিনেটে ইয়াত অনুমোদন দিছে আজি। নিৰ্মাণ খৰচ হ’ব ৮৫২:৬৮ কোটি টকা। এই উৰণীয়া সেতুখন দেশৰ ভিতৰতে দ্বিতীয় দীৰ্ঘতম হ’ব।
- First Published :