প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, ধুমুহাৰ ফলত গৃহহাৰা কেইবাটাও পৰিয়াল

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, ধুমুহাৰ ফলত গৃহহাৰা কেইবাটাও পৰিয়াল, ঠায়ে ঠায়ে উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ–বিদ্যুতৰ খুঁটা।

Dulu Medhi | news18assam
Updated:April 27, 2019, 1:13 PM IST
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, ধুমুহাৰ ফলত গৃহহাৰা কেইবাটাও পৰিয়াল
ৰুষ্ট প্ৰকৃতি, ভাঙিল কেইবাটাও পৰিয়ালৰ ঘৰ
Dulu Medhi | news18assam
Updated: April 27, 2019, 1:13 PM IST
ৰাজ্যৰ ভিন্ন প্ৰান্তত নিশা ধুমুহাৰ তাণ্ডৱ। বিধ্বংসী ধুমুহাই প্ৰান্তে প্ৰান্তে গৃহহীন কৰিলে শতাধিক পৰিয়ালক। বিদ্যুতৰ খুঁটা, গছ বাগৰি পৰাত বহু অঞ্চলত ব্যাহত হৈ পৰে যাতায়াত। শুকুৰবাৰে সন্ধিয়া অহা এজাক ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হয় সৰুপথাৰৰ বিস্তীৰ্ণ অঞ্চল। বিশেষকৈ সৰুপথাৰ নগৰত ধুমুহাৰ ফলত সৰ্বাধিক ক্ষতি সাধন হয়। প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে ক্ষতিসাধন হয় কেইবাটাও ঘৰৰো। পদুমণি এল পি স্কুলত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যালয়খনৰ বিস্তৰ ক্ষতি হয়। ধুমুহাই সৰুপথাৰ মহাবিদ্যালয়ৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ত থকা ষ্ট্ৰং ৰুমৰ সুৰক্ষাৰ বাবে থকা সুৰক্ষা বাহিনীৰ এটা ঘৰৰ ক্ষতি সাধন কৰে। তদুপৰি ধনশিৰি মহকুমাৰ উৰিয়ামঘাট, বৰপথাৰ, প্ৰেমহৰা, চেৱাগুৰি আদি বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাই।

চাওক এই ভিডিঅ’ :
আৰু চাওক পৰৱৰ্তী বাতৰি