মুখ্যপৃষ্ঠা »খবৰ »অসম »Jorhat News : যোৰহাট নগৰৰ বহু ব্যৱসায়িক ভৱনত নাই দুৰ্যোগ প্ৰতিৰোধৰ ব্যৱস্থা, অগ্নি–বিদ্যুতৰ সুৰক্ষা ব্যৱস্থাৰ নামত ভেঁকোভাওনা

Jorhat News : যোৰহাট নগৰৰ বহু ব্যৱসায়িক ভৱনত নাই দুৰ্যোগ প্ৰতিৰোধৰ ব্যৱস্থা, অগ্নি–বিদ্যুতৰ সুৰক্ষা ব্যৱস্থাৰ নামত ভেঁকোভাওনা

যোৰহাটৰ নগৰ অঞ্চলত এই টাস্ক ফ’ৰ্চে অভিযান আৰম্ভ কৰিছে। অভিযানত পোহৰলৈ আহিছে বহু ভৱনত থকা বিসংগতিৰ তথ্য।

যোৰহাটৰ নগৰ অঞ্চলত এই টাস্ক ফ’ৰ্চে অভিযান আৰম্ভ কৰিছে। অভিযানত পোহৰলৈ আহিছে বহু ভৱনত থকা বিসংগতিৰ তথ্য।

যোৰহাটৰ নগৰ অঞ্চলত এই টাস্ক ফ’ৰ্চে অভিযান আৰম্ভ কৰিছে। অভিযানত পোহৰলৈ আহিছে বহু ভৱনত থকা বিসংগতিৰ তথ্য।

  • Share this:
যোৰহাটত সংঘটিত ইটোৰ পিছত সিটো ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ পিছত যোৰহাটৰ ভৱনসমূহৰ সুৰক্ষাৰ দিশসমূহ পৰীক্ষা কৰিবলৈ যোৰহাটৰ উপায়ুক্তই গঠন কৰিছিল এটা আন্তঃবিভাগীয় টাস্ক ফ’ৰ্চ৷ ইতিমধ্যে যোৰহাটৰ নগৰ অঞ্চলত এই টাস্ক ফ’ৰ্চে অভিযান আৰম্ভ কৰিছে। অভিযানত পোহৰলৈ আহিছে বহু ভৱনত থকা বিসংগতিৰ তথ্য।

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আইন ২০০৫ৰ অধীনত জাৰি কৰা উক্ত নিৰ্দেশ অনুসৰি, যোৰহাট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত বহুকেইটা বিভাগৰ বিষয়াসকলক লৈ গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ। উক্ত টাস্ক ফ'ৰ্চে ইতিমধ্যে যোৰহাট নগৰৰ কচুৰি গলি, ভেৰোৱা বিল্ডিঙকে মুখ্য  কৰি একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান তথা  ভৱনসমূহত অভিযান চলায়। ভৱনসমূহত  অগ্নি/বিদ্যুতৰ সুৰক্ষা ব্যৱস্থাৰ লগতে গৃহ নিৰ্মাণৰ সুৰক্ষা ব্যৱস্থাসমূহ সঠিকভাৱে পালন কৰা হৈছেনে নাই সেয়া নিৰীক্ষণ কৰিছে টাস্ক ফ’ৰ্চৰ দলটোৱে। ইয়াৰ বাবে বিভাগীয় বিশেষজ্ঞক লগত লৈ অভিযান চলাইছে দলটোৱে।

এই অভিযানকালত একাংশ ভৱনত সুৰক্ষা ব্যৱস্থাৰ পুতৌজনক ছবি দেখি হতভম্ব হৈ পৰে টাস্ক ফৰ্চৰ বিষয়াসকল। অগ্নি নিৰ্বাপনৰ ব্যৱস্থা নথকা, কেইবা মহলীয়া ভৱন গুদাম হিচাপে ব্যৱহাৰ কৰি অহা, অসুৰক্ষিত বৈদ্যুতিক ব্যৱস্থাকে ধৰি এনে ধৰণৰ সুৰক্ষা ব্যৱস্থা মানি নচলা ভৱনৰ গৰাকীসকললৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰ পিছতো ভৱনসমূহৰ গৰাকীয়ে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হ’লে কঠোৰ ব্যৱস্থা হাতত লোৱা হব বুলি জানিবলৈ দিছে যোৰহাট জিলা প্ৰশাসনে।

‘‘যিসমূহ ভৱনত বিসংগতি পোৱা গৈছে তেওঁলোকক বিভাগৰ তৰফৰ পৰা সুৰক্ষা ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সময় দিয়া হ’ব। কিন্তু তাৰ পিছতো যদি এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাত ব্যৰ্থ হয় তেন্তে বিভাগীয়ভাৱে কঠোৰ ব্যৱস্থা হাতত লোৱা হব।’’, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে এনেদৰে কয়।

প্ৰথম পৰ্যায়ত যোৰহাট নগৰৰ একাংশ স্পৰ্শকাতৰ অঞ্চল জিলা প্ৰশাসনে চিনাক্ত কৰি উলিয়াইছে। আন্তঃবিভাগীয় টাস্ক ফৰ্চৰ এই অভিযান যোৰহাট নগৰত অব্যাহত থাকিব । এই ক্ষেত্ৰত নগৰবাসীৰ সুৰক্ষাৰ স্বাৰ্থত ৰাইজৰ সহযোগিতা বিচাৰিছে যোৰহাট জিলা প্ৰশাসনে।

শেহতীয়া বাতৰি