অচিৰেই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট নগৰৰ বহু অট্টালিকাৰ বিৰুদ্ধে, কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:August 27, 2020, 1:51 PM IST
অচিৰেই প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট নগৰৰ বহু অট্টালিকাৰ বিৰুদ্ধে, কিন্তু কিয়?
সুৰক্ষা সম্বন্ধীয় নিয়মসমূহ মানি নচলা এনে ভৱনসমূহৰ গৰাকীলৈ জাননী জাৰি কৰা হ’ব আৰু শুধৰণিৰ বাবে সময় বান্ধি দিয়া হ’ব।

সুৰক্ষা সম্বন্ধীয় নিয়মসমূহ মানি নচলা এনে ভৱনসমূহৰ গৰাকীলৈ জাননী জাৰি কৰা হ’ব আৰু শুধৰণিৰ বাবে সময় বান্ধি দিয়া হ’ব।

  • Share this:
বিগত তিনিমাহতে যোৰহাট নগৰত সংঘটিত হৈছে কেইবাটাও বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। সাধাৰণতে এনে অগ্নিকাণ্ডসমূহৰ কাৰণ হিচাপে বহু সময়ত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটক গণ্য কৰা হয় বা কেতিয়াবা অগ্নিনিৰ্বাপক বাহিনীলৈ দোষ ঠেলাৰ চেষ্টা কৰা হয়। কিন্তু নগৰ অঞ্চলত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডসমূহৰ অন্তৰালৰ কাৰণসমূহ কি তাক নিৰ্ণয় কৰিবলৈ যোৰহাটত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। আৰু তেতিয়াই পোহৰলৈ আহিছে কেতবোৰ উদ্বেগজনক তথ্য। কাৰণ যোৰহাট নগৰৰ বহু অট্টালিকাত অগ্নিনিৰ্বাপনকে ধৰি দূৰ্যোগ সংক্ৰান্তীয় সুৰক্ষা নীতিসমূহ মানি চলা নাই। ইতিমধ্যে চিনাক্ত হোৱা এনে বহু ভৱনৰ ওপৰত অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসনে।

বিগত তিনিমাহত যোৰহাট নগৰত সংঘটিত কেইবাটাও ভয়ংকৰ অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবা কোটি টকাৰ সম্পত্তি নষ্ট হৈছে। এই ঘটনাসমূহে উদ্বিগ্ন কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনক। সেয়েহে ভৱিষ্যতে এনে ঘটনা সংঘটিত হোৱাটো ৰোধ কৰিবলৈ দূৰ্যোগ প্ৰশমনৰ সৈতে জড়িত বিভাগসমূহক লৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে যোৰহাটৰ উপায়ুক্তই। APDCL, অগ্নিনিৰ্বাপক বাহিনী, গড়কাপ্তানী গৃহ বিভাগ, নগৰ পৰিকল্পনা বিভাগ, পৌৰসভা, মুখ্য বিদ্যুৎ পৰিদৰ্শককে ধৰি বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলক লৈ গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।

এই টাস্ক ফ’ৰ্চে  নগৰৰ জেপিআৰ, মাৰোৱাৰীপট্টি, পূৰণা বালিবাট আদি অঞ্চল পৰিদৰ্শন কৰি পোহৰলৈ আনিছে বহু ভয়ংকৰ তথ্য। কাৰণ যোৰহাট নগৰৰ বহু অঞ্চলত ৮০-৯০ শতাংশ ভৱনতে মানি চলা নাই সুৰক্ষা সম্বন্ধীয় নিয়মসমূহ। অধিকাংশ ভৱনৰে বিদ্যুতৰ পেনেল ব’ৰ্ডসমূহ জৰাজীৰ্ণ। বহু ভৱনলৈ অগ্নিনিৰ্বাপক গাড়ী যোৱাৰ সুবিধা নাই। দোকানৰ বাবে ট্ৰেড লাইচেন্স উলিয়াই তাক গুদাম হিচাবে ব্যৱহাৰ কৰি আছে একাংশ লোকে। একোটা ভৱনত অতি কম ঠাইতে ৰখা হৈছে বহু ভাড়াতীয়া লোকক।

"আমি যেতিয়া নগৰখনৰ বিল্ডিংসমূহ পৰিদৰ্শন কৰাৰ কাম আৰম্ভ কৰিলো তেতিয়া দেখিলো য়ে বহু অট্টালিকাৰ বিদ্যুতৰ পেনেল ব’ৰ্ডসমূহ জোৰা–তাপলি মাৰি থোৱা হৈছে। আনহাতে, APDCLৰ দ্বাৰা এইসমূহ পৰিদৰ্শনৰ বাবে নিয়মানুসৰি থাকিব লগা সুবিধাসমূহ নাই। বহু ঠাইত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব পৰাকৈয়ো ঠাই নাই।", যোৰহাটৰ দুৰ্যোগ প্ৰশমন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে এনেদৰে কয়।

এই টাস্ক ফ’ৰ্চৰ বিষয়াসকলে নগৰখনৰ একাংশ ভৱন দেখি হতভম্ব হৈ পৰে। সুৰক্ষা সম্বন্ধীয় নিয়মসমূহ মানি নচলা এনে ভৱনসমূহৰ গৰাকীলৈ জাননী জাৰি কৰা হ’ব আৰু শুধৰণিৰ বাবে সময় বান্ধি দিয়া হ’ব। নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱস্থা হাতত নোলোৱা ভৱনৰ ওপৰত ডিজেষ্টাৰ মেনেজমেণ্ট এক্ট অনুসৰি ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে যোৰহাট জিলা প্ৰশাসনে।

দীৰ্ঘদিন ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰি অহা পূৰণা বালিবাটৰ বেৰিয়া বিল্ডিং নামেৰে পৰিচিত বহু মহলীয়া অট্টালিকাটোও আংশিক পৰিদৰ্শন কৰি বিসংগতি ধৰা পেলায় টাস্ক ফ’ৰ্চৰ দলটোৱে। এই সন্দৰ্ভত পৌৰসভা, বিদ্যুৎ বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীক এই ভৱনটো পৰিদৰ্শন কৰাৰ দায়িত্ব দিয়া হৈছে। ভৱনসমূহত থকা বিসংগতিসমূহৰ বিষয়ে উপায়ুক্তক প্ৰতিবেদন দাখিল কৰা হ’ব আৰু তাৰ পিছতে গ্ৰহণ কৰা হ’ব ব্যৱস্থা।

"বৰ্তমান এই ভৱনসমূহৰ গৰাকীসকলক আঁসোৱাহসমূহ দূৰ কৰিবলৈ নিৰ্দিষ্ট সময় বান্ধি দিয়া হ’ব। অন্যথা আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে বহুমহলীয়া বেৰিয়া বিল্ডিঙৰ সুৰক্ষা সম্বন্ধীয় সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ টাস্ক ফ’ৰ্চৰ সংশ্লিষ্ট বিষয়াসকলক দায়িত্ব দিয়া হৈছে।", অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আৰু কয়।

সময় থাকোতেই যোৰহাট জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত নল’লে ভৱিষ্যতে যোৰহাট নগৰত ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। এইক্ষেত্ৰত এই টাস্ক ফ’ৰ্চৰ ভূমিকা লক্ষণীয় হ’ব।
Published by: Sanjay Kumar Das
First published: August 27, 2020, 1:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি