মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিৰোধী নহয় ! এইবাৰ ৰাজ্যিক বিজেপিৰ চৰকাৰলৈ আহ্বান নিয়ন্ত্ৰণ কৰক মূল্যবৃদ্ধি...

বিৰোধী নহয় ! এইবাৰ ৰাজ্যিক বিজেপিৰ চৰকাৰলৈ আহ্বান নিয়ন্ত্ৰণ কৰক মূল্যবৃদ্ধি...

News18 Assam | News18-Assam
Updated:June 12, 2021, 3:47 PM IST
বিৰোধী নহয় ! এইবাৰ ৰাজ্যিক বিজেপিৰ চৰকাৰলৈ আহ্বান নিয়ন্ত্ৰণ কৰক মূল্যবৃদ্ধি...
বঙাইগাঁৱত আয়োজিত সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই ৰাজ্যত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰখনক অনুৰোধ জনোৱা পৰিলক্ষিত হয় ৷

বঙাইগাঁৱত আয়োজিত সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই ৰাজ্যত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰখনক অনুৰোধ জনোৱা পৰিলক্ষিত হয় ৷

  • Share this:
ৰাজ্যত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷  মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন  চৰকাৰখনক বাৰম্বাৰ আহ্বান  জনাইছে বিৰোধী পক্ষই ৷ আনকি মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজপথত নামিবলগীয়া হৈছে ৰাজ্যৰ বিৰোধী দল তথা সংগঠন ৷

মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা নিজ দলৰ চৰকাৰখনক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে  বিগত এমাহৰ খতিয়ান আগবঢ়োৱাৰ বাবে বঙাইগাঁৱত ৰাজ্যিক বিজেপিৰ তৰফৰ সংবাদমেলৰ আয়োজন কৰা হৈছিল ৷ সংবাদমেলত ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই উপস্থিত থাকি এমহীয়া চৰকাৰখনৰ সফলতাৰ বিভিন্ন দিশ ব্যাখ্যা কৰাৰ মাজতে মূল্যবৃদ্ধিৰ প্ৰসংগই স্থান পায় ৷ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ বাবে মুখপাত্ৰজনে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে বিৰোধী দলৰ শাসনকালত পিঁয়াজ , ইন্ধন আদিৰ মূল্যই আকাশ চুইছিল বুলিও সংবাদমেলখনত উল্লেখ কৰে ৷
Published by: Kokil Sarma
First published: June 12, 2021, 3:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি