உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Tea: অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য ৯৯,৯৯৯ টকা, ডিব্ৰুগড়ৰ চাহ বাগিচাৰ ৰেকৰ্ড

    Assam Tea: অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য ৯৯,৯৯৯ টকা, ডিব্ৰুগড়ৰ চাহ বাগিচাৰ ৰেকৰ্ড

    MANOHARI GOLD TEA: মনোহাৰী চাহ বাগিচাই চলিত বছৰত মাত্ৰ ২ কেজিহে গোল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

    MANOHARI GOLD TEA: মনোহাৰী চাহ বাগিচাই চলিত বছৰত মাত্ৰ ২ কেজিহে গোল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

    MANOHARI GOLD TEA: মনোহাৰী চাহ বাগিচাই চলিত বছৰত মাত্ৰ ২ কেজিহে গোল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।

    • Share this:
    অবিশ্বাস্য! কিন্তু সঁচা। অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য উঠিল ৯৯,৯৯৯.০০ টকালৈ। ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ 'মনোহাৰী গোল্ড টী' (MANOHARI GOLD TEA) চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ক্ৰয় কৰে এই মূল্যত। চাহৰ নিলাম বজাৰত আজি এই সৰ্বোচ্চ মূল্যত চাহ নিলাম (Tea Auction)  কৰিবলৈ সক্ষম হয়। পূৰ্বে তিনিবাৰকৈ অভিলেখ গঢ়া ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই পুনৰ নিজৰ অভিলেখ নিজেই ভাঙি গঢ়িবলৈ সক্ষম হয়।

    ডিব্ৰুগড়ৰ এই মনোহাৰী চাহ বাগিচাই চাহ নিলামৰ ক্ষেত্ৰত পূৰ্বে বিগত ২০১৮ চনত এক কেজি চাহত ৩৯,০০১ টকাত নিলাম কৰি অভিলেখ গঢ়িছিল।পুনৰ ২০১৯ চনত নিজৰেই ৰেৰ্কড ভংগ কৰি এক কেজি চাহ নিলাম কৰিছিল ৫০ হাজাৰ টকাত। পুনৰ ২০২০ চনত ৭৫০০০ টকাত বিক্ৰী কৰি নিজৰ অভিলেখ ভংগ কৰিছিল।

    পুনৰ মনোহাৰী চাহ বাগিচাই বিশ্বৰ চাহৰ বজাৰৰ সৰ্বোচ্চ মূল্য ( highest price)ৰ সীমা অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ( MANOHARI GOLD TEA CREATING HISTORY)। চাহ নিলাম কেন্দ্ৰৰ পৰা 'Saurav Tea Traders'য়ে এই চাহ সৰ্বোচ্চ দৰত ক্ৰয় কৰে মঙলবাৰে। মনোহাৰী চাহ বাগিচাই চলিত বছৰত মাত্ৰ ২ কেজিহে গোল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ১ কেজি চাহ গুৱাহাটীৰ নিলাম কেন্দ্ৰত বিক্ৰী কৰাৰ বিপৰীতে অতিৰিক্তখিনি কিছুমান নিৰ্ধাৰিত বিপণীত গ্ৰাহকৰ বাবে ৰাখিব। বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে এনেদৰে চাহ নিলাম কেন্দ্ৰত সৰ্বোচ্চ দৰত বিক্ৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: