আজি ৫৯সংখ্যক ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে NCC দিৱসৰ শুভকামনা জ্ঞাপন কৰি কয় যে সাধাৰণতে আমাৰ যুৱ প্ৰজন্মৰ বন্ধুত্বৰ দিনটো মনত থাকে। কিন্তু বহু লোকে সমানেই মনত ৰাখে NCC দিৱসো। মই NCCৰ সকলো প্ৰাক্তন আৰু বৰ্তমানৰ সদস্যক শুভকামনা জ্ঞাপন কৰিছো।
মোদীৰ ‘মন কী বাত’ অনুষ্ঠানত স্থান পালে অসমৰ নগাঁও জিলাৰ ৰমেশ শৰ্মা নামৰ লোকজনৰ পত্ৰৰ প্ৰসংগও। লোকজনে লিখা পত্ৰক লৈ মোদীয়ে কয় যে অসমৰ নগাঁৱৰ ৰমেশ শৰ্মাই লিখিছে যে ব্ৰহ্মপুত্ৰ নদীত এক উৎসৱ ব্ৰহ্মপুত্ৰ পুষ্কৰ ৪ৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল। কিন্তু এই উৎসৱৰ কোনো চৰ্চা হোৱা নাই, প্ৰচাৰ হোৱা নাই। এই উৎসৱৰ বিষয়ে ‘মন কী বাত’ত বিতংকৈ ক’লে মোদীয়ে।
মোদীয়ে কয় – ‘কুম্ভৰ দৰেই এই উৎসৱেও ৰাষ্ট্ৰীয় একতাক শক্তি দিয়ে আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শন কৰায়। এই বৰ্ষত এই উৎসৱ ব্ৰহ্মপুত্ৰত আয়োজন কৰা হৈছে আৰু আগন্তুক বৰ্ষত অন্ধ্ৰ প্ৰদেশৰ তুংগভদ্ৰা নদী, তেলেংগানা আৰু কৰ্ণাটকত আয়োজন কৰা হ’ব।
‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্কুলীয়া শিশুসকলক Fit India rankingত অন্তৰ্ভুক্ত হোৱাৰ অনুৰোধ জনায়। মোদীয়ে বিচাৰে যে ফিটনেছ এক জন–আন্দোলনৰ ৰূপ লওক আৰু ইয়াক লৈ মানুহৰ মাজত সজাগতা আহক। শিক্ষাৰ্থীৰ লগতে শিক্ষক আৰু পিতৃ–মাতৃসকলকো এই কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনায় মোদীয়ে।
অযোধ্যা বিবাদৰ ৰায়ক লৈ মোদীয়ে কয় যে ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ৰায় দিলে, ১৩০ কোটি ভাৰতীয়ই আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁলোকৰ বাবে দেশৰ হিততকৈ ডাঙৰ একো নাই। দেশত শান্তি, একতা আৰু সদ্ভাৱনাৰ মূল্য সৰ্বশ্ৰেষ্ঠ।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|