অসমলৈ ভোট দিবলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, দিছপুৰৰ বিদ্যালয়ত আৰক্ষী–প্ৰশাসনৰ ব্যাপক তৎপৰতা

গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদানৰ বাবে ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

news18assam
Updated:April 21, 2019, 6:58 PM IST
অসমলৈ ভোট দিবলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, দিছপুৰৰ বিদ্যালয়ত আৰক্ষী–প্ৰশাসনৰ ব্যাপক তৎপৰতা
গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদানৰ বাবে ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
news18assam
Updated: April 21, 2019, 6:58 PM IST
দীৰ্ঘদিনৰ পাছত পুনৰ অসমলৈ আহিব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। গুৱাহাটী লোকসভা সমষ্টিৰ ভোটদানৰ বাবে ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। মনমোহন সিঙৰ আগমনক লৈ তৎপৰতা বৃদ্ধি পাইছে মহানগৰ আৰক্ষী প্ৰশাসনৰ।


প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হোৱাৰ বাবে স্বাভাৱিকতে তৎপৰতা বৃদ্ধি আৰক্ষী, নিৰাপত্তাৰক্ষীৰ। মনমোহন সিঙৰ আগমনৰ বাবেই দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাগিছে চূণ তেল ৷ পৰিষ্কাৰ কৰা হৈছে দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ৷ অনূৰূপ দৃশ্য দিছপুৰৰ বাঘেশ্বৰী মন্দিৰ স্হিত ৭ A বাসগৃহত ৷ গৃহটোত চাৰিওকাষে চলিছে চাফাই কাৰ্য ৷ বাসগৃহটোলৈ অহা পথচোৱাৰ চাৰিকাষেও চলিছে আৱৰ্জনা পৰিষ্কৰণ ৷ এয়াই নহয় সমান্তৰালকৈ বাসগৃহটৌত তন্ন তন্নকৈ চলিছে পৰীক্ষণ ৷ আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াই নিজে তদাৰক কৰিছে এই পৰ্যবেক্ষণ। এই দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰতে ভোটদান সাব্যস্ত কৰিব অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ দেশৰ প্ৰধানমন্ত্ৰী হোৱা ডঃ মনমোহন সিঙে। গুৱাহাটী লোকসভা সমষ্টিৰ বাবে  স–পত্নীক প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে সাব্যস্ত কৰিব নিজৰ ভোট ৷




আৰু চাওক পৰৱৰ্তী বাতৰি