কোন যাব ৰাজ্যসভালৈ?

জুনত খালী হ’ব ৰাজ্যসভাৰ দুখন আসন। কাৰ্যকাল অন্ত পৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ।

news18assam
Updated:May 5, 2019, 7:46 PM IST
কোন যাব ৰাজ্যসভালৈ?
জুনত খালী হ’ব ৰাজ্যসভাৰ দুখন আসন। কাৰ্যকাল অন্ত পৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ।
news18assam
Updated: May 5, 2019, 7:46 PM IST
ৰাজু বৰুৱাঃ কাৰ্যকাল সমাপ্ত হ'ব ড৹ মনমোহন সিঙৰ ৷ একেদিনাই বিদায় ল'ব শান্তিয়াছ কুজুৰেও ৷ বিজেপিৰ ভিতৰ মহলত চলিছে এতিয়া ৰাজ্যসভাৰ সাংসদ প্ৰাৰ্থীক লৈ তুমুল চৰ্চা ৷ মাজত মাথো এটা মাহ ৷ উকলিব অসমৰ দুজনকৈ সাংসদৰ কাৰ্যকাল ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং, শান্তিয়াছ কুজুৰৰ কাৰ্যকাল উকলিব ১৪ জুনত ৷ ১৪ জুনত খালী হ'বলগীয়া এই দুখন ৰাজ্যসভাৰ আসনৰ বাবে নাম চৰ্চিত লোকসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই, মঙলদৈৰ সাংসদ ৰমেন ডেকা, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ ৷ লোকসভা নিৰ্বাচনত ৫ জনকৈ সাংসদৰ টিকট কৰ্তনৰ পিছত সাংসদ কেইজনৰ অসন্তুষ্টি দূৰ কৰিবলৈ দলীয় নেতৃত্বই দিছিল সংস্থাপনৰ আশ্বাস৷ সেই ভিত্তিতে দলীয় নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি বেকফুটত থকা আৰ পি শৰ্মাক বাদ দি কামাখ্যা প্ৰসাদ তাছা, ৰমেন ডেকা, ৰাজেন গোঁহাই, বিজয়া চক্ৰৱৰ্তীৰ মাজৰ পৰাই দুজনক ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰক্ষেপ কৰি বিজেপি মিত্ৰজোঁট ৷ যোৰহাট সমষ্টিত কামাখ্যা প্ৰসাদ তাছাৰ সলনি তপন গগৈক টিকট প্ৰদানৰ পিছতে উচ্চাৰিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে কামাখ্যা প্ৰসাদ তাছাৰ নাম ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সোণোৱাল মন্ত্ৰী সভাত খালী হ’ব পাৰে তিনিটাকৈ মন্ত্ৰীৰ পদ ৷ বৰ্তমান সোণোৱাল মন্ত্ৰীসভাত খালী হৈ আছে এটা মন্ত্ৰীৰ পদ ৷ খালী হৈ থকা মন্ত্ৰীৰ পদটোত যো জা চলিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সংস্থাপিত কৰাৰ ৷ মুঠৰ ওপৰত বিজেপিৰ ভিতৰ চ'ৰাত চলিছে এনে কেতবোৰ বিশেষ চৰ্চা ৷
আৰু চাওক পৰৱৰ্তী বাতৰি