মুখ্যপৃষ্ঠা »খবৰ »অসম »দুৰ্নীতিৰ খলনায়ক আৰ এইছ খানৰ সৈতে কি সম্পৰ্ক বিজেপি নেতাৰ?

দুৰ্নীতিৰ খলনায়ক আৰ এইছ খানৰ সৈতে কি সম্পৰ্ক বিজেপি নেতাৰ?

ডিমা হাছাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক আৰ এইছ খানৰ সৈতে বিজেপিৰ একাংশ নেতাৰ ঘনিষ্ঠতা।

ডিমা হাছাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক আৰ এইছ খানৰ সৈতে বিজেপিৰ একাংশ নেতাৰ ঘনিষ্ঠতা।

ডিমা হাছাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক আৰ এইছ খানৰ সৈতে বিজেপিৰ একাংশ নেতাৰ ঘনিষ্ঠতা।

  • Share this:
ডিমা হাছাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক আৰ এইছ খানৰ সৈতে বিজেপিৰ একাংশ নেতাৰ ঘনিষ্ঠতা।  বিজেপিৰ মানকাছৰ জিলা সভাপতি নিযুক্তিৰ আঁৰত খান পৰিয়ালৰ ব্যৱসায়িক পাৰ্টনাৰৰ হাত। খানৰ সৈতে দুৰ্নীতিত লুতুৰি-পুতুৰি মানকাছৰ জিলা বিজেপিৰ সভাপতি আলটাফ হুছেইন। এই সন্দৰ্ভত দিল্লী নিবাসী অসম প্ৰদেশ বিজেপি কৰ্মীয়ে লিখিত অভিযোগ দিছে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱক ৷

কে সঞ্জীৱ কুমাৰ সিংহ নামৰ বিজেপি কৰ্মীজনে শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলটোৰ উত্তৰ পূৱৰ দায়িত্বত থকা সাংগঠনিক সম্পাদক ৰাম মাধৱলৈ লিখা দুখন অভিযোগ পত্ৰই স্বাভাৱিকতেই অস্বস্তিত পেলাব বিজৰপিৰ ৰাজ্যিক নেতৃত্বক।

এমাহ পূৰ্বে পোহৰলৈ আহিছিল এক বিশেষ পৰিঘটনা। হাজাৰ কোটি টকীয়া কেলেংকাৰীত দোষী সাব্যস্ত আৰ এইছ খানৰ পত্নীৰ প'ষ্টিঙক লৈ অহেতুক দৰদ প্ৰকাশ কৰিছিল বিজেপিৰ মানকাছৰ জিলাৰ সভাপতি আলতাফ হুছেইনে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক হুছেইনে দলীয় পেডত ছুপাৰিছ কৰা তথ্যও ফাদিল হৈছিল। এই বিতৰ্কৰ ঢৌ মাৰ নৌযাওঁতেই বিজেপিৰ এজন তৃণমূলৰ কৰ্মীয়ে আৰ এইছ খানৰ সৈতে আলতাফ হুছেইনৰ মিতিৰালি সন্দৰ্ভত ফাদিল কৰিছে একাধিক বিস্ফোৰক তথ্য ৷

অভিযোগ পত্ৰত সিংহই মানকাছৰ জিলাৰ নৱনিযুক্ত বিজেপি সভাপতি আলতাফ হুছেইনৰ নিযুক্তি সন্দৰ্ভটো ফাদিল কৰিছে গুৰুত্বপূৰ্ণ তথ্য। সিংহৰ দাবী মানকাছৰৰ উচ্চ শিক্ষিত যুৱ প্ৰজন্মৰ নেতা থকাৰ পিছতো সকলোকে উপেক্ষা কৰি আলতাফ হুছেইনক জিলা সভাপতি হিচাপে দায়িত্ব দিয়াৰ আঁৰত জড়িত আছে এক পৰিকল্পিত ষড়যন্ত্ৰ ৷ বিতৰ্কিত আলতাফক সভাপতি পাতিবলৈ বিশেষ ভূমিকা লৈছিল মতিউৰ ৰহমানে। সিংহৰ বিস্ফোৰক দাবী মতিউৰ ৰহমান আৰ এইছ খান পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ।

এনে সু-সম্পৰ্কৰ বাবেই মতিউৰৰ দ্বাৰা আলতাফক মানকাছৰ বিজেপিৰ সভাপতিৰ গাদীত বহুৱাত বিশেষ ভূমিকা লৈছে আৰ এইছ খানে। এই ক্ষেত্ৰত দলে বিহিত ব্যৱস্থা নল'লে সমাগত বিধানসভা নিৰ্বাচনত বিৰূপ প্ৰভাৱ পৰিব বুলি দাবী সিংহৰ ৷ "এনেকুৱা এজন দুৰ্নীতিপৰায়ন লোকক ৰাজ্যিক নেতৃত্বই কিয় ৰাখিছে বুজা নাই ৷ দল বিপদত পৰাতো মই কামনা নকৰো ৷ দলে বিবেচনা কৰিব নিশ্চয় ৷"—সঞ্জীৱ কুমাৰ সিংহ "

খোদ বিজেপি কৰ্মীৰ এই অভিযোগৰ পিছত কি স্থিতি হ’ব বিজেপি নেতৃত্বৰ? যি আৰ এইছ খানৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰণহুংকাৰ দি শাসনৰ ভাৰ লাভ কৰা গেৰুৱা দলটো এতিয়া কিয় একেজন খলনায়কৰ ওচৰত কিয় শৰণ্নাপন্ন হৈছে ? সেয়া সময়ত হৈ পৰিব স্পষ্ট।

শেহতীয়া বাতৰি