মুখ্যপৃষ্ঠা »খবৰ »অসম »Manipur Ambush : পুত্ৰৰ তৃতীয় জন্মদিনত ঘৰলৈ যোৱাৰ দিছিল প্ৰতিশ্ৰুতি, উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল পিতৃ

Manipur Ambush : পুত্ৰৰ তৃতীয় জন্মদিনত ঘৰলৈ যোৱাৰ দিছিল প্ৰতিশ্ৰুতি, উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল পিতৃ

Manipur Ambush : পৰিয়ালৰ লোকে কয় যে আক্ৰমণৰ মাত্ৰ ১ ঘণ্টা আগতে সুমনে তেওঁৰ পত্নীক ফোন কৰিছিল আৰু পত্নীৰ সৈতে কথা পাতিছিল।

Manipur Ambush : পৰিয়ালৰ লোকে কয় যে আক্ৰমণৰ মাত্ৰ ১ ঘণ্টা আগতে সুমনে তেওঁৰ পত্নীক ফোন কৰিছিল আৰু পত্নীৰ সৈতে কথা পাতিছিল।

Manipur Ambush : পৰিয়ালৰ লোকে কয় যে আক্ৰমণৰ মাত্ৰ ১ ঘণ্টা আগতে সুমনে তেওঁৰ পত্নীক ফোন কৰিছিল আৰু পত্নীৰ সৈতে কথা পাতিছিল।

  • Share this:
মণিপুৰ (Manipur)ত শনিবাৰে অসম ৰাইফলছৰ (Assam Rifles) কনভয়ত হোৱা আক্ৰমণত এজন কৰ্ণেল পদবীৰ বিষয়াসহ সাতজন লোক নিহত হয়। ইয়াৰ ভিতৰত আছে অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰি (Suman Swargiyari)। তেওঁৰ শ্বহীদ (Martyr)  হোৱাৰ খবৰ পোৱাৰ পিছত পৰিয়ালটোত শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে। উল্লেখ্য যে ডিচেম্বৰত শ্বহীদ সুমন স্বৰ্গীয়াৰিৰ পুত্ৰৰ তৃতীয় জন্মদিন। ডিচেম্বৰত পুত্ৰৰ জন্মদিন পলন কৰিবলৈ ঘৰলৈ অহাৰ কথা আছিল সুমন। কিন্তু এতিয়া তেওঁৰ শ্বহীদ হোৱাৰ খবৰটোৱে পৰিয়ালটোক ভাঙি পেলাইছে। পৰিয়ালৰ লোকে কয় যে আক্ৰমণৰ মাত্ৰ ১ ঘণ্টা আগতে সুমনে তেওঁৰ পত্নীক ফোন কৰিছিল আৰু পত্নীৰ সৈতে কথা পাতিছিল।

শ্বহীদ সুমনৰ ঘৰ বাক্সা (Baksa) জিলাৰ থেকেৰাকুচিত। দেওবাৰে পুৱা পৰিয়ালক সুমন শ্বহীদ হোৱাৰ কথা অৱগত কৰোৱা হৈছিল। তাৰ পিছৰে পৰা সুমন স্বৰ্গীয়াৰিৰ ঘৰত শোকাকুল পৰিৱেশ। তেওঁৰ পত্নী জুৰিয়ে কয়, 'সুমন শেষবাৰৰ বাবে ৮ জুলাইত ঘৰলৈ আহিছিল। সুমনে কেইবাদিনো ঘৰত থাকি ১৫ জুলাইত উভতি গৈছিল।' পত্নী জুৰিয়ে কয় যে  তিনি বলেছিলেন যে আক্রমণৰ কিছু সময় আগতে তেওঁক সুমনে ফোন কৰিছিল।

জুৰিয়ে কয় আকৌ, 'তেওঁ মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ডিচেম্বৰত পুত্ৰৰ তৃতীয় জন্মদিনত ঘৰলৈ আহিব। অলপ সময় পিছত ফোনটো কাটি গৈছিল । তেওঁ কৈছিল যে ডিউটীৰ পৰা উভতি তেওঁ আকৌ ফোন কৰিব!'

জুৰিয়ে কয়, 'তাৰ পিছত তেওঁ কেতিয়াও ঘূৰি অহা নাছিল আৰু সন্ধিয়ালৈ মই চিন্তা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। অসম ৰাইফলছে তেতিয়া মোক জনাইছিল যে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত সুমনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।' সুমনে ২০১১ চনত সেনাত যোগদান কৰিছিল। তাৰো চাৰি বছৰ আগতে, ২০০৭ চনত, সুমনৰ পিতৃক উগ্ৰপন্থীয়ে ঘৰত গুলীয়াই হত্যা কৰিছিল। তেওঁ স্থানীয় শান্তি দলৰ সদস্য আছিল।

দেউতাকৰ মৃত্যুৰ পিছত সুমনেই পৰিয়ালটোৰ একমাত্ৰ আশা আছিল। উগ্ৰপন্থীৰ নৃশংস আক্ৰমণে সুমনৰ জীৱন কাঢ়ি নিয়াই নহয়, এটা পৰিয়ালৰ আশাকণো আজুৰি লৈ গ'ল।

শেহতীয়া বাতৰি