মণিপুৰ (Manipur)ত শনিবাৰে অসম ৰাইফলছৰ (Assam Rifles) কনভয়ত হোৱা আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ (Suman Swargiyari) নশ্বৰ দেহ আজি তেওঁৰ বাসভৱনলৈ অনা হ'ব।
ইতিমধ্যে আজি পুৱাই শ্বহীদগৰাকীৰ নশ্বৰ দেহ বৰঝাৰ বায়ু সেনাৰ ষ্টেচনলৈ অনা হৈছে। বৰঝাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ষ্টেচনৰ পৰা বৰঝাৰলৈ অনাৰ পিছত শ্বহীদগৰাকীৰ দেহ নিজ গাঁওলৈ স্থলপথেৰে বুলি লৈ গৈ থকা হৈছে।
শ্বহীদ সুমনৰ ঘৰ বাক্সা (Baksa) জিলাৰ থেকেৰাকুছিত। দেওবাৰে পুৱা পৰিয়ালক সুমন শ্বহীদ হোৱাৰ কথা অৱগত কৰোৱা হৈছিল। তাৰ পিছৰে পৰা সুমন স্বৰ্গীয়াৰীৰ ঘৰত শোকাকুল পৰিৱেশ বিৰাজ কৰে। উল্লেখ্য, সুমনে ২০১১ চনত সেনাত যোগদান কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|