• Home
  • »
  • News
  • »
  • assam
  • »
  • ভিডিঅ’ কল-চাটত যুৱতীক অশ্লীল ইংগিত, দিল্লী আৰক্ষীৰ জালত মঙলদৈৰ যুৱক

ভিডিঅ’ কল-চাটত যুৱতীক অশ্লীল ইংগিত, দিল্লী আৰক্ষীৰ জালত মঙলদৈৰ যুৱক

যোৱা ছেপ্টেম্বৰৰ ৩০ তাৰিখে দিল্লীৰ মালব্য নগৰ থানাত এগৰাকী মহিলাই এটা গোচৰ ৰুজু কৰিছিল।

যোৱা ছেপ্টেম্বৰৰ ৩০ তাৰিখে দিল্লীৰ মালব্য নগৰ থানাত এগৰাকী মহিলাই এটা গোচৰ ৰুজু কৰিছিল।

যোৱা ছেপ্টেম্বৰৰ ৩০ তাৰিখে দিল্লীৰ মালব্য নগৰ থানাত এগৰাকী মহিলাই এটা গোচৰ ৰুজু কৰিছিল।

  • Share this:
যুৱতীক অশ্লীল ব্যৱহাৰ কৰা আৰু ভাবুকি প্ৰদান কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰিছে ২৪ বছৰীয়া চন্দন নাথ নামৰ এজন যুৱকক। সোমবাৰে দিল্লী আৰক্ষীৰ উপায়ুক্ত অতুল ঠাকুৰে এই কথা জানিবলৈ দিয়ে। চন্দন নাথে এখন মোবাইল ফোন মেৰামতি কৰা দোকানত কাম কৰিছিল।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, যোৱা ছেপ্টেম্বৰৰ ৩০ তাৰিখে দিল্লীৰ মালব্য নগৰ থানাত এগৰাকী মহিলাই এটা গোচৰ ৰুজু কৰিছিল। গোচৰত মহিলাগৰাকীয়ে এজন অচিনাক্ত ব্যক্তিয়ে Video Call আৰু Chatত অশ্লীল আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি চিনাক্ত কৰে চন্দনক। আৰক্ষীয়ে এই ঘটনাৰ আঁৰত দৰঙৰ চন্দন জড়িত হৈ থকা বুলি নিশ্চিত হোৱাৰ পিছত এটা দল মঙলদৈলৈ পঠিয়ায়। আৰক্ষীৰ দলটোৱে স্থানীয় আৰক্ষীৰ সহযোগত ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰি দিল্লীলৈ লৈ যায় চন্দনক।

দিল্লী আৰক্ষীৰ জেৰাত চন্দনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। এনেদৰে ছচিয়েল মিডিয়াত মহিলাৰে বন্ধুত্ব গঢ়ি অশ্লীল কথা–বতৰাৰে অশালীন আচৰৰ কৰাৰ কথাও আৰক্ষীৰ আগত ব্যক্ত কৰিছে চন্দন নাথে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি