INDIA BOOK OF RECORDS ত মঙ্গলদৈৰ ছাত্ৰ হৰ্ষিত শৰ্মা।মাটিৰ চক পেঞ্চিল ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে টেবুল-চকী।
ক'ৰোনা মহামাৰীৰ ফলত হোৱা আংশিক লকডাউনৰ ফলত দেশৰ অৰ্থনীতি টচ নচ হোৱাৰ সময়ত বহুতে এই সময়চোৱাত নেতিবাচক নহয় ইতিবাচক হিচাপে লৈছে । ঘৰতে থাকি বহুজনে নিজক নতুন নতুন কামত আত্মনিয়োগ কৰিছে। নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে বহু জনে। ছাত্ৰ ছাত্ৰী সকলেও পঢ়াৰ লগতে নিজৰ প্ৰতিভাসমূহ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। তেনে এগৰাকী ছাত্ৰ মঙ্গলদৈ প্ৰফুল্ল নগৰৰ হৰ্ষিত শৰ্মা।
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ হৰ্ষিতে চক পেঞ্চিল ব্যৱহাৰ কৰি টেবুল, চকী নিৰ্মাণ কৰিছে। অনলাইন যুগে ব্যতিক্ৰমী ধৰণে নিৰ্মাণ কৰা টেবুল চকী সমূহ প্ৰেৰণ কৰি INDIA BOOK OF RECORDS ত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। মঙ্গলদৈ প্ৰফুল্ল নগৰৰ নিবাসী জিতেন চন্দ্ৰ শৰ্মা আৰু ৰূপৰেখা দেৱীৰ একমাত্ৰ লৰা হৰ্ষিত শৰ্মা। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা হৰ্ষিতে বিগত এটা বছৰে লকডাউনৰ সময় চোৱাত পঢ়াৰ লগতে ব্যতিক্ৰমী ধৰণৰ বিভিন্ন ছবি অংকণ কৰি সময় অতিবাহিত কৰিছে। শেহতীয়া ভাবে মাটিৰ চ'ক পেঞ্চিল ব্যৱহাৰ কৰি হৰ্ষিতেএকেবাৰে সূক্ষ্ম টেবুল, চকী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। হৰ্ষিতে ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ ফালৰ পৰা হৰ্ষিতক প্ৰদান কৰিছে এটি মেডেল, এখন প্ৰমাণ পত্ৰ, এটি কলম, এটি বেজ লগতে বিগত বছৰত ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰা লোকসকলৰ নাম থকা এখন কিতাপ। ইতিমধ্যে হৰ্ষিত শৰ্মাই ASIA BOOK OF RECORDS তো আবেদন প্ৰেৰণ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|