মঙলদৈৰ তামুলীপাৰাৰ নৱ বিবাহিতা বোৱাৰীৰ পৰিকল্পিত হত্যাকাণ্ডক লৈ চাঞ্চল্য অব্যাহত আছে। সোমবাৰে একাংশ ক্ষুব্ধ লোকে জ্বলাই দিলে স্বামী গৌতম বৈশ্যৰ বাসগৃহ।ঘৰৰ চোতালতে সৎকাৰ কৰিলে বোৱাৰীগৰাকীৰ মৃতদেহ।
মঙলদৈ থানাৰ অন্তৰ্গত দিঘিৰপাৰ বৰসত্ৰ তামুলীপাৰা গাঁৱত দেওবাৰে ৰহস্যজনকভাৱে ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল নৱ বিবাহিতা তৃষ্ণামণি ডেকাৰ মৃতদেহ। দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা তৃষ্ণামণিৰ স্বামীগৃহৰ বিৰুদ্ধে বোৱাৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। ইফালে, সোমবাৰে বোৱাৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতে ঘৰলৈ ওভতাই অনাত একাংশ ক্ষুব্ধ ৰাইজে স্বামীৰ গৃহ লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে। ঘৰৰ চোতালতে সকৎকাৰ কৰিলো বোৱাৰীগৰাকীৰ মৃতদেহ।
ক্ষুব্ধ ৰাইজে ৰাইজে স্বামী গৌতম বৈশ্যৰ তিনিটাকৈ বাসগৃহ জ্বলাই ভস্মীভূত কৰে। ঘটনাস্থলীত হাজাৰ হাজাৰ লোক উপস্থিত হৈ পৰিৱেশ উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনবন্ধু ভূঞাসহ আৰক্ষীৰ বৃহৎ দল, অৰ্ধ–সামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মঙলদৈৰ পৰা যোৱা অগ্নীনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।
অভিযোগ মতে, পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে বোৱাৰীগৰাকীক অত্যাচাৰ চলাই আহিছিল। আনহাতে ন–বোৱাৰীগৰাকীৰ চুইছাইড নোটত উল্লেখ থকা কৈকাৰাৰ গাঁওবুঢ়া বিচিত্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মঙলদৈ আৰক্ষীয়ে। ইফালে আজিও পলাতক হৈ আছে স্বামী গৌতম বৈশ্য , শহুৰ খীতেশ্বৰ বৈশ্য আৰু শাহু দৈবকী বৈশ্য।
তদন্ত অব্যাহত থকাৰ সময়তেই সমগ্ৰ ঘটনাক লৈ মঙলদৈ থানাৰ অন্তৰ্গত তামূলীপাৰা বৰসত্ৰৰ সমগ্ৰ অঞ্চলতে চঞ্চল্য বিৰাজ কৰিছে। মঙলদৈ আৰক্ষীযে জানিব দিয়া মতে, ঘৰ জ্বলাই দিয়াৰ সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|