ছিপাঝাৰৰ কুৰুৱাত এটা মাহৰ ভিতৰতে ক্ৰমে মাতৃ আৰু পিতৃৰ বিয়োগ ঘটাৰ পিছত এতিয়া দিশহাৰা হৈ পৰিছে তিনি ভগ্নী। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাটো ভয়াবহ ৰূপ লৈছে ক'ৰোনা মহামাৰীয়ে। মহামাৰীয়ে বহুতৰে জীৱনলৈ নমাই আনিছে আমানিশা। তেনে এটি পৰিয়াল ছিপাঝাৰ কুৰুৱাৰ।
উল্লেখ্য যে শিক্ষা বিভাগত কৰ্মৰত পিতৃ নেপুৰ দাস জ্বৰ কাহত আক্ৰান্ত হৈছিল। স্বাস্থ্যৰ অধিক অৱনতি হোৱাত ২৮ এপ্ৰিলত গুৱাহাটী GMCH ত ভৰ্তি কৰোৱা হৈছিল আৰু দ্ৰুত অৱনতি ঘটাত GMCH ত ICU নোপোৱাত দিছ্পুৰ পলিক্লিনিকত ভৰ্তি কৰাইছিল আৰু তাত ক'ভিড পজিটিভ ধৰা পৰিছিল পিতৃ নেপুৰ দাসৰ। কোভিড আক্ৰান্ত হৈ স্বামী চিকিৎসালয়ত থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰে পত্নীও। কুৰুৱা গাও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী তথা ওপৰ কুৰুৱা নিবাসী দিপালী দাস প্ৰথমে জ্বৰ আৰু কাহত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগৰ লোকে ৰেপিড্ এন্টিজেন টেষ্ট (RAT) কৰাত ধৰা নপৰিল কোভিডৰ অৱস্থিতি। ঘৰতে জিৰণি লোৱাৰ সময়তে সাত দিন পিছত কোভিড নিগেটিভ হৈ ঘৰলৈ উভতি আহিছিল স্বামী। স্বামী ঘৰত থকাৰ সমতেই কেইবাদিনৰ পৰা জ্বৰ কাহত ভুগি থকা পত্নী দিপালী দাসৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাত গুৱাহাটী GMCH লৈ প্ৰেৰণ কৰে আৰু দুদিন পিছতেই মৃত্যু হয় মাতৃ দিপালী দাসৰ।
ক'ভিড আক্ৰান্ত হোৱা স্বামী নেপুৰ দাস সুস্থ হৈ ঘৰলৈ ওভতি আহিছিল কেইদিনমান ঘৰতে থকাৰ পিছত পুনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু লগে লগে গুৱাহাটী GMCH লৈ প্ৰেৰণ কৰা হয়। কিন্তু ৪ জুনত তেওঁৰ মৃত্যু হয়। এটা মাহৰ ভিতৰতে এনেদৰে পিতৃ আৰু মাতৃ দূয়োকে হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে তিনি ভগ্নী ক্ৰমে নিবেদিতা দাস(২১),বনশ্ৰী দাস(১৯)আৰু দৰ্শনা দাস(১৩)।লক্ষণীয় যে তিনিওগৰাকীয়ে অধ্যয়নৰত হৈ থকাৰ বাবে সন্মুখীন হৈছে গভীৰ প্ৰত্যাহ্বানৰ। বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াইছে পৰিয়ালটোক। শুক্ৰবাৰে মঙ্গলদৈ SRD সঞ্চালক মুকুল ডেকা,ৰাজীৱ ডেকা, অনুপম ডেকাৰ নিৰ্দেশ তত্বাৱধানত SRD গ্ৰুপ প্ৰতিনিধি হিচাপে প্ৰাঞ্জল শৰ্মাই সহ এটা দল উপস্থিত অভিভাৱক হীন হৈ পৰা পৰিয়ালটোৰ দুখৰ সমভাগী হোৱা লগতে পৰিয়ালটোক কিছু খাদ্য সামগ্ৰী যোগান ধৰে লগতে পাচ হাজাৰ টকাৰ আৰ্থিকভাৱে সহায় আগবঢ়ায়। দুখৰ সমভাগী হয় স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশীও, চৰকাৰে প্ৰদান কৰা আঁচনিৰ ধন সঠিক সময়ত পোৱাৰ ব্যৱস্থা কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বিধায়কজনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|