মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে COVID-19ত আক্ৰান্ত হৈ থকা ৰোগী পালেগৈ ঘৰ । বুধবাৰে নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰিছিল ১৪ গৰাকী কোভিডত আৰোগ্য লাভ কৰা ব্যক্তি। ১৪ গৰাকী আৰোগ্য লাভ কৰা ৰোগীৰ ভিতৰত আছিল হামিদ আলী নামৰ এজন লোক। কিন্তু হামিদ আলীৰ ঠাইত ঘৰ পালে গৈ হানিফ আলী । এই আজৱ কাণ্ডই চকু কপালত তুলিছে সকলোৰে। Positive ৰোগী জনক ৰিলিজ কৰি দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ চিকিৎসালয় খনত। এয়াই প্ৰথম নহয় মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গাফিলতিৰ ঘটনা।
ইয়াৰ পূৰ্বেও মঙলদৈ অসামৰিক চিকিৎসালয়ত ব্লাড বেংকৰ জৰিয়তে দেশ কঁপাই যোৱা HIV কাণ্ড সংঘটিত হৈছিল। চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ গাফিলতিত কেইবাজনৰো গালৈ বিয়পিছিল HIV। ব্লাড পৰীক্ষা নকৰি জমা কৰিছিল HIV পজিটিভৰ তেজ । যাৰ ফলত কেইবাজনৰো গালৈ বিয়পিছিল HIV। দেশ কঁপাই যোৱা এই কাণ্ডৰ পাছতো শিক্ষা নললে চিকিৎসালয় কৰ্তৃপক্ষই।
তাৰ বাহিৰেও ২০১৮চনৰ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত শিশু সালসলনিৰ ঘটনা পোহৰলৈ আহিছিল। সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই ঘটনামতে ২০১৫ চনৰ ১১ মাৰ্চত মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিত জন্মতে সালসলনি হৈছিল দুই দেৱ শিশুৰ।মঙলদৈ অসামৰিক চিকিৎসালয়ত দুই দেৱ শিশু সালসলনি ঘটনা আদালতে সত্য বুলি প্ৰমাণ কৰিছিল । প্ৰকৃত পিতৃ মাতৃৰ পৰা বঞ্চিত হৈছিল দুই দেৱ শিশু । দৰং জিলাৰ শ্যামপুৰ বদলিচৰৰ চাহাবুদ্দিন আহমেদ মঙলদৈ থানাত এজাহাৰৰ ভিত্তিত পোহৰলৈ আহে এই তথ্য । 990/2015 গোচৰ , ধাৰা 120(B), 420 IPC ধাৰাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতৰ ৰায়দান মৰ্মে ২০১৮ চনৰ ২৪ জানুৱাৰীত দুই অভিভাৱকৰ সন্মতি ক্ৰমে শিশু দুটাক লালন পালন কৰা ধৰনেই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ২০১৫ চনৰ ১১ মাৰ্চত একে সময়তেই জন্ম পোৱা মঙলদৈ সমষ্টিৰ অন্তৰ্গত মেনাপাৰা বেজপাৰাৰ গাৱঁৰ অনিল বড়ো আৰু শেৱালি বড়োৰ গৰ্ভত জন্ম পোৱা শিশু আৰু দৰং জিলাৰ শ্যামপুৰ থানাৰ অন্তৰ্গত বদলিচৰৰ চাহাবুদ্দিন আহমেদ ৰ পত্নী চালেমা পাৰবিনৰ গৰ্ভত জন্ম পোৱা সন্তান দুটি মঙলদৈ অসামৰিক চিকিৎসালয়ত সাল সলনি হৈছিল। সুদীৰ্ঘ ২ বছৰ ৭ মাহ এনেকে থকাৰ পিছত DNA পৰীক্ষা আৰু আৰক্ষীৰ তদন্তত এই কথা পোহৰলৈ আহিছিল।দুয়োটা পৰিয়ালে সন্মুখীন হোৱা আৱেগিক আতিশৰ্যৰ দায় স্বীকাৰ কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই।
বাৰে বাৰে বিতৰ্কত সোমোৱা চিকিৎসালয় খনৰ ওপৰত ৰোগীৰ বিশ্বাস ঘূৰি আহিবলৈ আৰম্ভ কৰোতেই এইবাৰ COVID-19 পজিটিভ ৰোগীক সুস্থ ৰোগীৰ ঠাইত পঠিয়াই দিলে ঘৰলৈ। ইতিমধ্যে এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।
Published by: Tulika Devi
FIRST PUBLISHED : June 11, 2020, 16:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|