২০২০ চনৰ ২৭ মাৰ্চত জ্যোতিৰ্বিজ্ঞানীসকলে নাছাৰ NEO WISE SPACE TELESCOPEৰ যোগেদি নিৰীক্ষণ কৰি পৃথিৱী অভিমুখী এটা প্ৰচণ্ড ধূমকেতুৰ সন্ধান লাভ কৰে। ৩১ মাৰ্চত ধূমকেতু বুলি প্ৰমাণ হৈছিল। এই ধূমকেতুটোক পিছলৈ ১ এপ্ৰিলত COMET NEOWISE নাম দিয়া হয়। ইয়াৰ লগে লগে নাছাকে ধৰি বিশ্বৰ ভিন্ন মহাকাশ সংস্থাসমূহে আৰম্ভ কৰে নিৰীক্ষণ।
এনে সময়তে মঙলদৈৰ এগৰাকী ২৮ বছৰীয়া যুৱকে ধূমকেতুটোৰ আলোকচিত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মঙলদৈৰ বামুণপাৰাৰ গৌতম ডেকা নামৰ ফটোগ্ৰাফী কৰি অহা যুৱকজনে এইপৰ্যন্ত তিনিবাৰ কৈ ধূমকেতুটোৰ আলোকচিত্ৰ সংগ্ৰহ কৰাৰ লগতে এটা ভিডিঅ’ কৰিবলৈ সক্ষম হৈছে।
বহু দিনৰ পৰাই গৌতম ডেকাই সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি COMET NEOWISEৰ ফটো সংগ্ৰহ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল আৰু ১৬ জুলাই তাৰিখে ছিপাঝাৰৰ হাতীমূৰীয়া নামৰ এটা অঞ্চলত উত্তৰ পশ্চিম কোণত আকাশ ফৰকাল হোৱাৰ বাবে সন্ধিয়া এই ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
![]()
২২ জুলাইত এই COMET NEOWISE ধূমকেতুটোৱে পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিব বুলিও ভৱিষ্যদ্বাণী কৰা হৈছে। বিগত ১৩ বছৰে ফটোগ্ৰাফীৰ সৈতে জড়িত গৌতম ডেকাই এনেধৰণৰ ফটো কেমেৰাত আবদ্ধ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|