• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বেৰমানৰ সমৰ্থনত বন্ধ দিছিল বাঘবৰ, ব্লক কংগ্ৰেছৰ সম্পাদকৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে কঠোৰ সিদ্ধান্ত

শ্বেৰমানৰ সমৰ্থনত বন্ধ দিছিল বাঘবৰ, ব্লক কংগ্ৰেছৰ সম্পাদকৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে কঠোৰ সিদ্ধান্ত

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জাৰি কৰে এই নিৰ্দেশনা

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জাৰি কৰে এই নিৰ্দেশনা

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জাৰি কৰে এই নিৰ্দেশনা

  • Share this:

'৮৩ৰ শ্বহীদক ঘাতক আখ্যা দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ সমৰ্থনত দেওবাৰে বাঘবৰ সমষ্টিত বন্ধ দিছিল শ্বেৰমানৰ সমৰ্থকে ৷ এই বন্ধৰ সময়ত মন্দিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামেও সমৰ্থন জনাই মুকলিকৈ বিনাচৰ্তে বিধায়ক শ্বেৰমান আলী আহমেদক মুকলি কৰি দিবলৈ দাবী জনায়।


এই ঘটনাৰ পিছতে দেওবাৰে আবেলি প্ৰদেশ কংগ্ৰেছে মন্দিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছ দলৰ পৰা বৰ্খাস্ত কৰে ৷


প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জাৰি কৰা এক নিৰ্দেশনাত এনেদৰে কোৱা হয়- “অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলৰ নীতি-নিয়ম ভংগ কৰাৰ অপৰাধত বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তগৰ্ত মন্দিয়া ব্লক কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বৰ্খাস্ত কৰা হৈছে ৷ কোনো দলৰ অনুমতি নোহোৱাকৈ বিধায়ক শ্বেৰমান আলী আহমেক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজি আহ্বান কৰা বন্ধ কাৰ্যসূচীয়ে দলৰ ভাবমূৰ্তি বিনষ্ট কৰিছে ৷ এনেধৰণৰ দলীয় শংখলা ভংগ কৰাৰ অপৰাধত এই কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ল ৷”

Published by:Gautam Barman
First published: