• Home
  • »
  • News
  • »
  • assam
  • »
  • কঠোৰ পৰিবহণ বিভাগ! এতিয়াৰ পৰা বাইকৰ পিছফালে বহা জনেও পৰিধান কৰিব লাগিব হেলমেট, অন্যথা কঠোৰ শাস্তি

কঠোৰ পৰিবহণ বিভাগ! এতিয়াৰ পৰা বাইকৰ পিছফালে বহা জনেও পৰিধান কৰিব লাগিব হেলমেট, অন্যথা কঠোৰ শাস্তি

Source-Google

Source-Google

  • Share this:
ক্ৰমাত্‍ বৃদ্ধি পোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ এতিয়া কঠোৰ হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। এতিয়াৰে পৰা চালকৰ উপৰিও পিছফালে বহা ৪ বছৰৰ ওপৰৰ সকলোৱে পৰিধান কৰিব লাগিব হেলমেট। নিয়ম অমান্য কৰিলে বাতিল হ’ব চালকৰ ড্ৰাইভিং লাইছেন্স। লগতে ভৰিব লাগিব দুই হাজাৰ টকাৰ জৰিমনা।

বিগত সময়ছোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো বহু দুচকীয়া বাহন দুঘটনাগ্ৰস্ত হৈছে। আনকি হেলমেট পৰিধান নকৰাৰ ফলত মৃত্যুক সাৱটিবলগীয়া হৈছে বহুজনে ৷ সেয়েহে শেহতীয়াকৈ দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিলে কামৰূপ মহানগৰ পৰিবহণ বিভাগে ৷

আশা কৰা হৈছে, পৰিবহণ বিভাগৰ এই নিদেৰ্শনাক মানি চলিব মহানগৰবাসীয়ে ৷ ইফালে এই নিয়ম শীঘ্ৰে ৰাজ্যৰ বাকী ৰাজ্যতো প্ৰযোগ্য হ’ব বুলি জনাইছে পৰিবহণ বিভাগে।
Published by:Himangshu Bhuyan
First published: