সোমবাৰৰ পৰা কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ'ব পৰম্পৰাগত শ্ৰী শ্ৰী মাঁ মনসা পূজা আৰু দেওধনী উৎসৱ৷ কিন্তু জনসাধাৰণৰ বাবে বন্ধ থাকিব দেৱালয়ৰ প্ৰৱেশদ্বাৰ৷ ২০ মাৰ্চৰ পৰাই বন্ধ হৈ আছে দেৱালয়৷ ইতিমধ্যে ৩১ আগষ্টলৈ দেৱালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছিল কৰ্তৃপক্ষই৷
কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেৱল ৰীতি-নীতিৰে অনুষ্ঠিত হোৱা অম্বুবাচী মেলাৰ দৰে মনসা পূজা আৰু দেওধনী উৎসৱো হ'ব সুকীয়া৷ নিষিদ্ধ থাকিব দেৱালয়ত ভক্তৰ প্ৰৱেশ৷
'এইবাৰ অম্বুবাচীত মেলাৰ পৰিৱৰ্তে যেনেকৈ কেৱল ৰীতি-নীতিহে পালন কৰা হৈছিল, ঠিক তেনেদৰে পৰম্পৰাগত মনসা পূজাতো কেৱল পালন কৰা হ'ব ৰীতি-নীতিহে'- ক’লে কামাখ্যা দেৱালয়ৰ দলৈ কবিন্দ্ৰ শৰ্মাই৷
৩১ আগষ্টলৈ দেৱালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা দেৱালয় কৰ্তৃপক্ষই পুনৰ মন্দিৰ খোলা সন্দৰ্ভত ৩১ আগষ্টৰ পিছতহে ল'ব সিদ্ধান্ত৷ তেতিয়ালৈ এনেদৰেই বন্ধ থাকিব কামাখ্যা দেৱালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ৷