‘২০২১ত বিজেপি আৰু আৰএছএছক অসমৰ পৰা উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি’

News18 Assam | News18-Assam
Updated:August 11, 2020, 6:25 PM IST
‘২০২১ত বিজেপি আৰু আৰএছএছক অসমৰ পৰা উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি’
মুক্তিৰ পিছতেই মঙলবাৰে গৃহ চহৰ শিমলুগুৰিত উপস্থিত হয় মানস কোঁৱৰ৷

মুক্তিৰ পিছতেই মঙলবাৰে গৃহ চহৰ শিমলুগুৰিত উপস্থিত হয় মানস কোঁৱৰ৷

  • Share this:
অৱশেষত মুকলি আকাশৰ তললৈ আহিল মানস কোঁৱৰ। যোৰহাট কাৰাগাৰত ১৯ দিন আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় ১৭৩ দিন কাৰাবাস খটা মানস কোঁৱৰক শেহতীয়াকৈ নিয়াৰ আদালতে জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ ওলাবলৈ সক্ষম হয়। মুক্তিৰ পিছতেই মঙলবাৰে গৃহ চহৰ শিমলুগুৰিত উপস্থিত হয় মানস কোঁৱৰ৷

শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰ পোৱাৰ লগে লগে তেওঁৰ সমৰ্থকসকল অধিক উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ লগতে বিভিন্ন দল–সংগঠনৰ সদস্য আৰু শিমলুগুৰিৰ ৰাইজে কৃষক নেতাজনক গামোচা পিন্ধাই আদৰণি জনায়৷ গৃহ চহৰত উপস্থিত হৈয়ে নেতাজনে পুনৰ ‘কা’ আন্দোলন সক্ৰিয় কৰাৰ কথা ব্যক্ত কৰে। লগতে ২০২১ চনৰ নিৰ্বাচনত অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ কথাও প্ৰকাশ কৰে মানস কোঁৱৰে। অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা নতুন ৰাজনৈতিক দলটোক আদৰণি জনায় কৃষক নেতাজনে৷ উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈয়ে মুক্তি পালেই ২০২১ চনত কৃষক মুক্তি সংগ্ৰাম সমিতি সংসদীয় ৰাজনীতিলৈ অহাৰ সম্ভাৱনা আছে বুলি কয় মানস কোঁৱৰে।
Published by: Sanjay Kumar Das
First published: August 11, 2020, 6:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading