ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু আগতকৈ যেন এতিয়া কিছু হ্ৰাস পাইছে আন্দোলনৰ জোৰ। ২০১৯ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা আন্দোলনে অতিক্ৰম কৰিলে আঢ়ৈ মাহৰ। অসমীয়া জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি কব বিচৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দুগুণ শক্তিৰে আকৌ এবাৰ সমগ্ৰ অসমীয়া জাতিক আগবাঢ়ি আহিবলৈ গীতেৰে আহ্বান জনালে শিল্পী মানস ৰবীনে।
মানস ৰবীনে কয় যে, ‘ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ প্ৰতিবাদী আন্দোলনে আজি প্ৰায় আঢ়ৈ মাহ অতিক্ৰম কৰিলে । সংগ্ৰামত আঢ়ৈমাহ নিচেই কম সময় ,তথাপিও সংগ্ৰামৰ বাটত ৰাইজ মাজে মাজে থমকি ৰোৱাটো সাধাৰণ কথা। থমকি ৰোৱা ৰাইজক আগবাঢ়ি যাবৰ বাবে মনত শক্তি আৰু সাহস সংগ্ৰামৰ নেতৃত্বই যোগান ধৰিব লাগিব। পিছে সেই সংগ্ৰামী নেতৃত্বৰ মাজতেই যেতিয়া বিভেদ আৰু সন্দেহৰ বীজ ৰোপণ কৰি আন্দোলনটোক ধ্বংস কৰাৰ বাবে শাসকপক্ষই প্ৰচেষ্টা চলাই, সামান্য পৰিমাণে সফল হয় তেতিয়া সংগ্ৰামী নেতা আৰু সংগ্ৰামী
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 23, 2020, 14:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।