ব'হাগ বিহুক লৈ অযথা ৰাজনীতি-বিৰ্তক নকৰিব, সকীয়ালে ULFA-Iৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

শনিবাৰে ডিমৌত বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মী আৰু শিল্পী মানস ৰবীনৰ মাজত হৈছিল তীব্ৰ সংঘাত
শনিবাৰে ডিমৌত বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মী আৰু শিল্পী মানস ৰবীনৰ মাজত হৈছিল তীব্ৰ সংঘাত
- News18 Assam
- Last Updated: March 15, 2020, 3:27 PM IST
এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। News18ক টেলিফোন কৰি পৰেশ বৰুৱাই ক'লে, ‘বিহুক লৈ কোনেও ৰাজনীতি কৰিব নালাগে ৷ BJPৰ যুৱ মৰ্চাই মানস ৰবীনক বুজাই ক'ব লাগিছিল ৷ তাকে নকৰি যুৱ মৰ্চাই অযথা উগ্ৰভাৱে কথা ক'ব নালাগিছিল ৷ বিহুক লৈ সকলোৱে সংযত হোৱাৰ প্ৰয়োজন ৷’
‘হেপাঁহৰ ব'হাগ বিহুৰ পূৰ্বে এনে বিৰ্তক সকলোৱে এৰাই চলক ৷ ২০১৮ত গুৱাহাটী-যোৰহাটত কংগ্ৰেছেও পাতিছিল বিহু ৷ বিহু আয়োজন কৰি BJPয়ে লগোৱা বেনাৰত উল্লেখ নাই যে, কেৱল BJPৰ সমৰ্থনকেহে সেই বিহুত ভাগ ল'ব পাৰিব ৷ যদি উল্লেখ কৰিলেহেঁতেন, তেতিয়া ক'বলগীয়া আছিল’। টেলিফোনত NEWS18ক ক'লে পৰেশ বৰুৱাই ৷
উল্লেখযোগ্য যে শিৱসাগৰৰ ডিমৌত BJPৰ যুৱ মৰ্চাই লগাইছিল এখন বেনাৰ ৷ বেনাৰ খনত 'ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত থাওৰা সমষ্টিবাসীৰ সহযোগত ২৪, ২৫ আৰু ২৬ এপ্ৰিলত' ৰঙালী বিহু আয়োজন কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল ৷ বেনাৰখনত মুখ্যমন্ত্ৰীৰ ফ'টো আৰু বিজেপিৰ চিহ্ন আছিল ৷